0 00 3 yrs 121
✍ প্ৰণামিকা শৰ্মা

তোমাক চাবলৈ ভয় কৰিছিলোঁ
কিজানিবা তুমি গুচি যোৱাৰ দিনা 
তোমাক বিচাৰি অশান্ত হৈ পৰিব
মোৰ শান্ত দুচকু
তোমাক চুই চাবও খোজা নাছিলো
ভয় আছিল
তুমিহীন সময় বোৰত 
স্পৰ্শই খেদি ফুৰিব নেকি অবিৰত
তোমাৰ শব্দ আৰু হাঁহিবোৰক
আওকাণ কৰি আঁতৰি আছিলোঁ
তুমি আহিছিলা আগলৈ
উমান নিদিয়াকৈ খুলি লৈছিলা
মোৰ হিয়াৰ নঙলা 
আগুৱাইছিলা অনুভৱৰ জখলাৰে
মোৰ হৃদয়ৰ কোঠালিবোৰ
ঘূৰি পকি চলাথ কৰিছিলা 
আবেগ বিবেকৰ যুদ্ধত মই মুমূৰ্ষ হৈছিলোঁ
আচলতে অভিনয়ৰ নীলা সাজযোৰেৰে
তুমি তুমি হৈয়েই আছিলা
মই হে তোমাৰ মাজত জীৱন বিচাৰি
হাবাথুৰি খাইছিলো
এতিয়া যে বৰ ক্লান্ত মোৰ অকণি পৃথিৱী
 তুমিহীনতাত মৌন সময় মৌন হৃদয়

Leave a Reply

Your email address will not be published.