হীৰক
পাষাণ প্ৰতীমা সাজি,,,
একেষাৰে মানি লওঁ প্ৰেমৰ আকাৰ আৰু আয়তন বুলি |
তেওঁ জানো আঁকিবলৈ সক্ষম হৈছিল
প্ৰেমৰ বৃত্ত ?
থাহনি পাইছিল নে জীৱনৰ বৰ্গক্ষেত্রত ?
তথাপি কৌণিক ভঙ্গিমাৰে হাঁহি এটা আঁকি
ব্যাসাৰ্ধৰে চিহ্নিত কৰিছিল
বিন্দুত্বৰ অৱস্থান |
যাক আমি পূজা কৰো…..
প্ৰেমৰ পূৰণ – হৰণত উত্তৰ শূণ্য হৈ
তেওঁ হ’য়তো চকুলো টুকিছিল
এনেকৈয়ে……
তেওঁৰ বাবে তো নাছিল কোনো সূত্র , সমিকৰণ
তথাপি তেওঁৰ আউল লাগিছিল |
অংকটো তেওঁৰ বাবে টান নাছিল
যোগক যোগ কৰিলে বিয়োগ ওলাই বুলি
তেওঁ জানিছিল l
তথাপি বিয়োগক বিয়োগ কৰি
যোগক সদায় উলিয়াই লৈছিল |
যাক আমি পূজা কৰোঁ
এক নাটকিয় প্ৰেমাঙ্ক……!