
লখিমপুৰত সাপ্তাহিক বজাৰ মুকলি: কভিদ প্ৰট’কল ভংগ গ্ৰাহক-বিক্ৰেতাৰ।
দীপক গোহাঁই: লখিমপুৰ:মহামাৰী কভিদ’১৯ ৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা সাপ্তাহিক হাট-বজাৰ শেহতীয়াকৈ ঠাইভেদে কভিদ প্ৰট’কল ৰক্ষা কৰি মুকলি কৰিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰিছে । কিন্ত কভিদ প্ৰট’কলৰ নামত অৱলম্বন কৰিবলগীয়া নূূন্যতম নিয়ম খিনিও মনা নাই বজাৰৰ দোকানী-গ্ৰাহকে। দুই-এক গ্ৰাহকে মুখত মাস্ক লগাইছে যদিও দোকানৰ বিক্ৰেতাসকলৰ অধিকাংশই মাস্কখনো ব্যৱহাৰ কৰা পৰিলক্ষিত নহল আজি কভিদৰ বন্ধৰ পিচত প্ৰথমবাৰৰ বাবে মুকলি কৰা লখিমপুৰৰ বাইপাছৰ জিন্তু বৰুৱা বুধবৰীয়া সাপ্তাহিক বজাৰ খনত। সংবাদ প্ৰতিনিধি হৈ সোধা কভিদ প্ৰট’কল সম্পৰ্কীয় প্ৰশ্নতহে সম্ভিত ঘূৰাই পাই বজাৰ খনৰ বিক্ৰেতা সকলে মাস্ক কিনি মুহুৰ্ততে মুখত ব্যৱহাৰ কৰে। ৰাইজৰ অভাৱনীয় আৰ্থিক সংকটৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে মুুকলি কৰিবলৈ অনুমতি প্ৰদান কৰা ব্যৱসায়ীক প্ৰতিষ্ঠান , হাট-বজাৰ তথা ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছিল। পৰৱৰ্তী মুহূৰ্তত ই পূৰ্ণ কাৰ্যকৰী হোৱা কামনা কৰিছে সচেতন মহলে।