“এইখন দেশ মোৰ নিচেই আপোন
নিতে নিতে পাও মোৰ মনৰ সপোন
গাঁওখনি মোৰ ঐ আপোন-আপোন
উৰণীয়া মন মোৰ সাজোন-কাচোন”
আপুনি ছাগে নিশ্চয় অনুমান কৰিব পাৰিছে যে মই কাৰ কথা ক’বলৈ উলাইছো ।
হয় মই লুইতপৰীয়া ডেকা বিজয় ভূঞাৰ কথাকে কৈছো । মোৰ অন্যতম প্ৰিয় কণ্ঠশিল্পী যাৰ প্ৰতিটো গীতেই অন্তৰ চুই যায়। তেওঁৰ গীত শুনিলে হৃদয়ৰ মাজেদি পাৰ হৈ যায় বুজাব নোৱাৰা এক অনামী শিহৰন। বহুতো চিৰসেউজ গীতেৰে অসমীয়া সংগীত জগতত এক সুকীয়া আসনৰ অধিকাৰী তেওঁ।
২০০৫ চনৰ কথা তেতিয়া মই সপ্তমমান শ্ৰেণীত অধ্যয়ন কৰি আছিলো। পঢ়াশুনা কৰাৰ উপৰিও মই ৰেডিঅ’ শুনি ভাল পাইছিলো কিন্তু মোক ঘৰৰ মানুহে মাথো দেওবাৰৰ দিনটোতহে ৰেডিঅ’ শুনিবলৈ দিছিল। ২০০৫ চনৰ পুহমহীয়া জাৰৰ দিনৰ কথা হঠাৎ ৰেডিঅ’ত মই বিজয় ভূঞাৰ গীত প্ৰথমবাৰৰ বাবে শুনিবলৈ পাইছিলো, উক্ত গীতটো আছিল “লুইতপৰীযা মই ডেকা ল’ৰা” আৰু তেতিয়াৰ পৰা আজিলৈকে মই প্ৰায়ে তেওঁৰ গীত শুনো, তেওঁৰ প্ৰায়বোৰ গীতেই মই শুনিছো ,তাৰে কিছুমান উল্লেখযোগ্য গীত হ’ল বুজাব নোৱাৰা , এইখন দেশ , দুবৰি বনত বহি, অ নাজিতৰা , জাক জাক জাকৈয়া , কলিজা কাঢ়িলি, যদি জীৱনলৈ , অ লাজুকী, জাক পাতি পাতি , শাৰদী পুৱা , পাহাৰীয়া ফুলে ফুলে , কাৰোবাৰ মৰমে আৰু বহুতো । সমগ্ৰ অসমবাসীয়েই ভাল পাই তেওঁৰ গীত । আদৰি লয় বহু মৰমেৰে ।
৭৮ বছৰীয়া এই স্বনামধন্য কণ্ঠশিল্পীজন আজিও সিমানেই সবল যিমান সবল ৬০বছৰ আগতে আছিল । কণ্ঠত আছে লাচিতৰ দৰে বীৰত্ব ,সেয়ে ছাগে নিজকে লুইতপৰীয়া ডেকা হিচাপে চিনাকী দি ভাল পাই তেওঁ।
আমি জোনাকৰ তৰফৰ পৰা তেওঁৰ সু স্বাস্হ্য তথা দীৰ্ঘায়ু কামনা কৰিলো ।
অঞ্জন সন্দিকৈ