তুমি উন্মাদিনী প্ৰেয়সী
কেনে আছা বাৰু?
আগৰ দৰে নেদেখা হ’লো তোমাক
ন’ভা আখল কিম্বা ৰাজপুতনাত..
সলনি হ’ল নেকি তোমাৰ সন্ধ্যা ঠিকনা?
তোমাৰ সুকোমল মুখনিয়ে দিয়া ইংগিতবোৰত
ভাঁহি গৈছিল জে.বি. ৰ’ড
নাছিল মোৰ প্ৰাণচঞ্চলা উত্তেজনা !
বেলীন’ৰ খিৰিকীৰে কাৰ সন্ধান কৰা আগ নিশা
মই নেফীত বহি বিভোৰ হওঁ
সন্ধ্যাৰাগত ডুব যায় যোৰহাট!
দৰ্শন মোৰ প্ৰিয় শাস্ত্র
তোমাৰ কুণ্ডত কটা মুখ আৰু
মম্ খোৱাৰ ভংগিমা. .
উন্মাদিনী প্ৰেয়সী…
সময়ৰ তুলাচনীত হ’ব
ভালপোৱাৰ জোখ-মাখ
দেহৰ ভাঁজবোৰত
জীৱনৰ দৰ-দাম !
তথাপিও আহিবা
এপাক ৰাজমাওৰ পাৰলৈ
এমোকোৰা হাঁহি তুলি দিম তোমাৰ দুওঁঠত
প্ৰাণটাকি মেলি দিম হৃদয়
অস্তাচলত আমাৰ মিলন !
ৰঙীন মনৰ তুমি ৰঙীন আশা
ঠিকনাৰিক্ত প্ৰেয়সী
হাঁহি আছানে তুমি প্ৰাণখুলি?
মেলি ৰাখিছানে প্ৰেমৰ খিৰিকি…?
আকৌ আজি জুমি জুমি চাম . . .