0 00 1 min 1 yr 9

কবিতা লিখিব মই নাজানো 

মন নাই মোৰ কবি হোৱাৰ 
কেৱল মন নিজৰ আপোনজনৰ বাবে থকা মৰমবোৰ কাগজৰ পাতত চটিয়াই দিবলৈ ।
মন যায় আপোনজনৰ বাবে দুষাৰি লিখিবলৈ।
মন যায় অৰ্ধজীৱিত জীৱন জীয়াই থকা দৰিদ্ৰতাৰ প্ৰহৰীবোৰৰ বিষয়ে লিখিবলৈ ।
আকৌ মন মোহময়ী জীৱনৰ চলনাত লঞ্চিত হোৱা দুৰ্ভগীয়াৰ বিষয়ে লিখিবলৈ ।
তথাপিও যেন মন নভৰে, 
বিষয় বহুতো আছে….. 
নাই মাথো লিখিবলৈ কেৱল শব্দ।
শব্দ হেৰাল, যেতিয়া কাৰোবাৰ প্ৰতাৰণাত কান্দিছিলো মই.. 
শব্দ হেৰাল, যেতিয়া ফুটপাথত সেই ভিক্ষাৰ বাবে আতুৰ ফটা ফ্ৰক পিন্ধা কণমানি জনীৰ  কদৰ্য হাত দুখন দেখিছিলো, 
শব্দ হেৰাল, যেতিয়া সেই ধ্বংসপ্ৰাপ্ত বিলাসী গাড়ীৰ সুৰামত্ত চালকৰ নিথৰ দেহটো দেখা পাইছিলো।
অহ এয়া চোন সন্ধিয়াই হ’বৰ হল, 
কি লিখিম ভাবিয়েই থাকিলো, 
কেতিয়াবা হয়টো অস্তযোৱা সূৰ্যৰ দৰে মোৰ বেদনাৰো অন্ত হব, 
দৰিদ্ৰতাৰ প্ৰহৰী বোৰৰো আভিজাত্য আহিব, 
মোহময়ী বিলাসীতাৰ চালনা সকলোৰে পৰিদৃষ্ট হ’ব।
এতিয়া আশা মাথো সেই সময়ৰ, 
যি সময়ৰ শীতল ছায়াত বহি, 
মই লিখিম এটা শান্তিৰ কবিতা।।
 —কল্প জ্যোতি বৰদলৈ

Leave a Reply

Your email address will not be published. Required fields are marked *