0 00 1 min 4 yrs 62

ফুল মৰহি যায় ,

আশাৰ সুবাস বুকুত সামৰি
তেনেকৈ মইয়ো মৰহি গ’লো,
তোমাৰেই অপেক্ষাত,
কিন্তু আজি এচাতি বতাহে
ঢালি দিলে তোমাৰ কিছুমান
সহ্যহীন  স্মৃতি ।
টোলপাৰ লগাই দিলে
হৃদয়ৰ আকাশে -বতাহে
দেখুৱালে স্মৃতিৰ মৰীচিকা
পালো বুলি ধৰিবলৈ হাত মেলোতেই
গুচি গ’ল বহু অজান দেশলৈ,
বিষায় উঠিল বুকুখন,
কলিজাত দুগুনে বাঢ়ি গ’ল
দুখৰ জোৱাৰ,
হাৰি গ’ল বিবেক,
এই স্মৃতিত চকুৰ পতাৰ পৰা নিগৰিল
তেজৰ চকুলো ;
সুপ্ত হৈয়ে লুপ্ত হ’ল
মোৰ স্মৃতি ।

Leave a Reply

Your email address will not be published.