তোমাৰেই পৰশত
সাৰ পাই উঠোঁ যেতিয়া ,
চাৰিওফালে ঘূৰি চাওঁ
কিন্তু কাকো নেদেখোঁ,
কিয় হয় বাৰু এনেকুৱা?
সাৰ পাই উঠোঁ যেতিয়া ,
চাৰিওফালে ঘূৰি চাওঁ
কিন্তু কাকো নেদেখোঁ,
কিয় হয় বাৰু এনেকুৱা?
কিয় তুমি মাজে-মাজে আহি মোক , আমনি কৰা
হঠাত আহি টোপনি ভাঙি
বুকুখন মোৰ কপাই তোলা,
কেতিয়াবা মোৰ বৰ ভয় লাগে
কেতিয়াবা আকৌ মোৰ বহুত ভাল লাগে ,
ডুবি যাওঁ মই কল্পনাৰ সাগৰত
ভাবোঁ,
এনেকুৱা মিঠা সপোনবোৰ
আকৌ দেখিমনে বাৰু ?
এনেকুৱা মিঠা-মিঠা লগা
মিছা সপোনবোৰ
দেখি থাকিলেও ,
মনত এটা সান্ত্বনা জাগে ।
কিজানি এই মিঠা সপোনবোৰ
দিঠকত পৰিণত হয়েই ।
দিঠকত পৰিণত হয়েই ।
নহয়,
এই সকলোবোৰ
মিছা মায়াৰ জাল ।
এই সকলোবোৰ
মিছা মায়াৰ জাল ।
তথাপিয়ো ভাল লাগে
মিঠা মিঠা লগা
এই মিছা সপোনবোৰ ।
মিঠা মিঠা লগা
এই মিছা সপোনবোৰ ।