![]() |
www.junaak.com |
“সজ চৰিত্ৰৰ মানুহ শুৱনি ফুলতকৈও মনোহৰ”। ” ভাল কথা, ভাল মাত,ভাল ব্যৱহাৰ,তেনে আচৰণকেই বোলে শিষ্টাচাৰ” উক্ত বাইক্যকেইশাৰীক সৰোগত কৰি আজি মানৱ সমাজ পৰিচালিত হৈ আহিছে।মানৱ জাতিয়ে সভ্যতাৰ জখলাত আৰোহণ কৰিবলৈ লোৱাৰে পৰা মানৱৰ মাজত সমাজ,ধৰ্ম ,কলা,সংস্কৃতিৰ,সংগঠন আদি শব্দবোৰে স্থান পাবলৈ সক্ষম হয়।সমাজ,কলা,সংস্কৃতি,ধৰ্ম,চৰিত্ৰ,সময়ানুৱত্তিতা আদিৰ দৰে কথাসমূহ মানি চলিবলৈ মানুহক প্ৰয়োজন শিষ্টাচাৰ।এটি মানৱ শিশু গৰ্ভস্থ ধাৰন কৰা সময়তে এনে গুণ সমূহ আয়ত্ব কৰিবলৈ সক্ষম হয়।এনে কথাৰ সভ্যতা বহু মহাকাব্য আখ্যান উপখ্যান বিলাকে আমাক দি গৈছে।এটি মানৱ ভূমিস্থ হোৱাৰ পাছতে নিজে একো কৰিব নোৱাৰিলেও হাত-ভৰি অংগ সঞ্চালনৰ দ্বাৰা প্ৰকৃতি জগতৰ লগত খেলিবলৈ আৰম্ভ কৰে,মাত কথা ক’ব নোৱাৰিলেও নিজ পিতৃ- মাতৃ আত্মীয় স্বজনৰ উপস্থিতি অনুমান কৰিব পাৰে।ক্ৰমান্বয়ে শিশুটিয়ে সেই পৰিবেশতে ক্ৰমাগতভাবে ডাঙৰ-দীঘল হ’বলৈ ধৰে।বাঢ়ি অহা শিশুটিয়ে সেই পৰিবেশ,পৰিস্থিতি,মাত-কথা আচৰণ সমূহকে অনুকৰণ কৰি ভবিষ্যতৰ এজন সু নাগৰিক হৈ গঢ়ি উঠে গতিকে শিশুক সজ চৰিত্ৰ আৰু সজ শিষ্টাচাৰৰ শিক্ষা দিবলৈ যাওঁতে জ্যেষ্ঠসকল এই ভাল গুণ সমূহৰ গৰাকী হোৱাতো অতি দৰকাৰী।
জ্যেষ্ঠ সমাজে শিশুক শিষ্টাচাৰৰ কথা পালন কৰিবলৈ উপদেশ প্ৰদান কৰি,নিজে অশিষ্টাচাৰৰ কাম কৰি ফুৰিলে হিতে বিপৰীত হ’ব।গতিকে শিশু অবস্থাতে শিষ্টাচাৰ সজ আচৰণৰ শিক্ষা প্ৰদান কৰাতো অতি আৱশ্যক।সজ আচৰণ আৰু শিষ্টাচাৰৰ দ্বাৰাই আজি পৃথিৱীত মানুহ সৰ্বাংগ সুন্দৰ হ’বলৈ সক্ষম হৈছে।পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা মনীষীসকলৰ চৰিত্ৰ অধ্যয়নো শিষ্টাচাৰৰ এক মাহাত্ম্য প্ৰকাশ।মহান মনীষী সকলৰ মহান আদৰ্শ সমূহ আয়ত্ব কৰি নিজ আৰু সমাজ জীৱনত প্ৰতিফলিত কৰিব পাৰিলে,ৰোগীয়ে উচিত মতে ঔষধ খালে গুণ দিয়া দৰে হ’ব।
ফুল যিদৰে পৱিত্ৰ আৰু শুৱনি সজ চৰিত্ৰ মানুহো তেনেদৰে পৱিত্ৰ আৰু শুৱনি।সেয়েহে শিষ্টাচাৰৰ দৰে মহৌষধি গুণ সমূহ সমাজৰ নতুন প্ৰজন্মক প্ৰদান কৰিবলৈ সকলোৱে একে মুখে আগবাঢ়ি আহিলে সমাজখন সৰ্বাংগ সুন্দৰ হ’ব।