0 00 1 min 3 yrs 120

ফাগুনৰ শুকান স্পৰ্শত

নাঙঠ হ’ল গছবোৰ
সৰা পাতে পাতে ফাগুন আহিল
আচলতে…
আচলতে গছৰ পাততো আছে আধ্যাত্মিকতা
এই সৰো এই সৰো ভাৱ,
ফাগুন আহিল 
সম্পৰ্কবোৰ শুকাই ৰূক্ষ হ’ল
জীৰ্ণ হ’ল শীৰ্ণ হ’ল
অমানিশাৰ কৰাল গৰাহত 
চটফটাই আছে মোৰ আত্মাই
নাজানো কিয়!
কিজানিবা বান্ধোন চিঙি 
মিলিব খোঁজিছে পৰমাত্মাত।
অবিনাশ

Leave a Reply

Your email address will not be published.