0 00 1 min 2 yrs 157

মুকালমুৱাত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত প্ৰতিবাদ ৷কৃষক বিৰোধী কৃষি আইন সংসদত প্ৰত্যাহাৰ আৰু শ্ৰমিক বিৰোধী শ্ৰম সংহিতা বাতিলৰ দাবীত প্ৰতিবাদী সমদল ৷এছ.এফআই, চিটু, নিখিল ভাৰত কৃষক সভা, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ প্ৰতিবাদী সমদল ৷কৃষক বিৰোধী তিনিখন কৃষি আইন সংসদত বাতিল কৰক, শ্ৰমিক বিৰোধী শ্ৰম সংহিতা আইম বাতিল কৰক, বিজেপি চৰকাৰ হায়-হায়, মোডী চৰকাৰ হায়-হায়, অমিত শ্বাহ হায়-হায় ইত্যাদি ধ্বনিৰে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷মুকালমুৱা ৰাজহুৱা মঞ্চৰ পৰা নাৰায়নপুৰ হৈ মুকালমুৱা চ’ক বজাৰলৈ প্ৰতিবাদী সমদল ৷ কাৰ্যসূচীত নিখিল ভাৰত কৃষক সভা বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ সম্পাদক ভুৱনেশ্বৰ বৰ্মন, সভাপতি হবিবৰ আলী, এছ এফ আইৰ ৰাজ্যিক সমিতিৰ সদস্য গাজিউৰ ৰহমান চৌধুৰী, চিটুৰ জিলা সমিতিৰ সদস্য জয়নাল আলী আহমেদে, সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন বৰক্ষেত্ৰী আঞ্চলিক সম্পাদক নুৰ হুছেইন আলীসহ দুই শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷

(সমৰজিত )

Leave a Reply

Your email address will not be published. Required fields are marked *