0 00 1 min 3 yrs 230

প্ৰজ্ঞা ফাউণ্ডেছনৰ উদ্যোগত যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈকে সমাজত সচেতনতা বৃদ্ধিৰ বাবে সমগ্ৰ অসমতে সংস্কাৰ জাগৰণ যাত্ৰা নামেৰে অসমৰ বিভিন্ন প্ৰান্তত এটা বিশেষ জনজাগৰণ যাত্ৰা আৰম্ভ কৰিছে।তাৰে অংশ হিচাপে আজি টীয়কৰ পুৰণাবেংক তিনিআলিত এক জাগৰণ সভা অনুস্থিত কৰা হয় য’ত অসমৰ অন্যতম জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনি উপস্থিত থাকি ৰাইজক সামাজিক ব্যাধিসমূহৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

        উল্লেখযোগ্য যে সংস্কাৰমুখী প্ৰমূল্যবোধেৰে আদৰ্শ পৰিয়াল প্ৰতিষ্ঠা,নিজৰ ভূমি সুৰক্ষাৰ গুৰুত্ব,মাদক দ্ৰব্য বৰ্জন আৰু সমাজ সুৰক্ষা,থলুৱা সংস্কৃতি ঐতিহ্যৰ সুৰক্ষা,প্ৰকৃতি সুৰক্ষা,জৈৱিক কৃষি আৰু গো-পালনৰ প্ৰয়োজনীয়তা আদি বিষয়ত ৰাইজক সজাগ আৰু সংস্কাৰ কৰাৰ লক্ষ্যৰে প্ৰজ্ঞা ফাইণ্ডেছনে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰিছে উদ্যোক্তাসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *