ইয়াতে দেখো নতুন সপোন
কোনে জুমি চায় জুৰিৰ দাপোন
ফুলৰ পাতৰ সাজোন কাচোন
এই গাঁও আপোন আপোন
এই গাঁও নিচেই আপোন |
………………………………..”
– কেশৱ মহন্ত
প্ৰায় এমাহৰ মূৰত ধুবুৰী চহৰৰ পৰা আপোন গাঁও লৈ আহিলোঁ | পঢ়া শুনাৰ সূত্ৰে তাতে থাকিব লগা হৈছে তথাপি বহুত মনত পৰে গাঁও খনলৈ, গাঁওৰ আপোন মানুহ লৈ, গাঁওৰ প্ৰকৃতিক পৰিবেশ লৈ | আগতে কিন্তু সিমান খিনি প্ৰেম নাছিল যিমান প্ৰেম আজি জাগিছে গাঁও খনলৈ কাৰণ এতিয়া আমি উন্নতিৰ দিশত | ৰাস্তাৰ দুয়োকাষে এতিয়া গছ-গছনিৰে ভৰা যদিওবা এতিয়াও সৰু সৰু তথাপি কিন্তু ভৱিষ্যতৰ কল্পনা কৰিলে ভালে লাগে (চাৰিওফালে সেউজীয়া পৰিবেশ, ফুল-ফল, চৰাই-চিৰিকটি, মিলা-প্ৰতি, আৰু একতা-এনাজৰী), এতিয়া ৰাস্তা বোৰ পকা হ’ল যদিওবা আগতেও পকা আছিল তথাপি মাজে মাজে ৰাস্তাটো ভঙা আৰু এতিয়া যাতায়ত সুচল |
পোন প্ৰথমে ধন্যবাদ দিব বিচাৰিম হালাকুৰা গাঁও পঞ্চায়ত ক, সিহঁতে নিজৰ দ্বায়িত্ব সুচাৰুৰূপে পালন কৰি থকাৰ বাবে | দ্বিতীয়তে সমূহ জিনকাটা ঘৰিয়ালডাঙা গাঁও বাসীক, সকলোৱে সুন্দৰ কৈ আগবাঢ়ি যাবলৈ সহযোগিতা কৰাৰ বাবে | সচাকৈ আজি আমাৰ গাঁও খন নদন বদন |
কল্পনা : গাঁও খন এতিয়া ভাল হ’ব, বহুত ভাল হ’ব | ঘৰে ঘৰে ফুলনি বাগিচা হ’ব, সুখ শান্তি হ’ব, বিপদে আপদে সকলোৰে সহায় সহযোগীতা, একতা এনাজৰী সকলো হ’ব | আমাৰ গাঁওৰ মানুহ বোৰৰ চিন্তা ভাৱনা এতিয়া পৰিৰ্বতন হব | সৰু সৰু লৰা-ছোৱালী বোৰে বিদ্যালয় যাব (চৰকাৰী), যুব চামে সাহস আৰু উদ্যমেৰে উন্নয়নৰ দিশত ধাৱমান হব, জেষ্ঠ সকলে উচিত উপদেশ আৰু নিজৰ নিজৰ অভিজ্ঞতাৰে সমাজ খনক পৰিচালিত কৰিব| কবিয়ে আপোন পাহৰা হৈ মাটিৰ ৰস চুমি কবিতা লিখিব, গীতিকাৰে আনন্দতে প্ৰেমৰ গীত গাব, নামঘৰত প্ৰতিদিনে শান্তিৰ দবা বাজিব, চৰাই চিৰিকটিয়ে দুপৰীয়া ৰদত গছৰ তলত বহি মাউত বন্ধুৰ গান গাব, মুঠতে সকলো বোৰ ঠিক সঠিকহৈ আদৰ্শ গাঁও লৈ ৰূপান্তৰ হব |
কৰণীয় : একোখন ঠাই উন্নয়ন কৰিব হ’লে প্ৰথমে নিজে পৰিৰ্বতন হব লাগিব | নিজৰ নিজৰ চিন্তা ভাৱনা, কৰ্ম সংস্কৃতিৰ সকলোবোৰ উন্নয়ন কৰিব লাগিব | যুবচামে ব্যৱসায় কাৰ্য্যত মনোৱেশ কৰিব লাগিব, উচ্চ শিক্ষা লাভৰ বাবে আগ্ৰহী হব লাগিব | নিচা জাতীয় পদাৰ্থ বৰ্জিত কৰিব লাগিব, অভাৱতে সময় নষ্ট নকৰিব নালাগিব | তেতিয়াহে আমি আমাৰ গাঁও খন কল্পনাৰ গাঁও লৈ ৰূপান্তৰ কৰিব পাৰিম |
সত্যবাদী বিজু