0 00 4 yrs 103
         অসমৰ অন্যতম চাহ জনগোষ্ঠীৰ  অন্যতম সম্প্ৰদায় কালিন্দী সমাজৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস বোকাখাতত অনুস্থিত হয়। বোকাখাত কালিন্দী সমাজৰ  সহযোগত আৰু সদৌ অসম কালিন্দী কল্যান পৰিষদৰ উদ্যোগত অনুস্থিত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অঞ্চলটোৰ মেধাবী ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে। ১৯৮৭ চনতে জন্ম লাভ কৰা কালিন্দী সমাজ কল্যান পৰিষদে সমাজ খনৰ সমস্যা নিৰ্মূলৰ বাবে কাম কৰি আহিছে। নিজস্ব লোকসংস্কৃতিৰে ভৰপূৰ কালিন্দী সমাজৰ স্বকীয়তা জীয়াই ৰাখিবৰ বাবে সমাজে বিশেষ ভুমিকা পালন কৰিবলৈ আহ্বান জনায়। সমাজৰ মুকলি সভাত উপস্থিত থাকে সদৌ অসম কালিন্দী সমাজৰ সভাপতি ৰঞ্জিত কালিন্দী অাৰু বিষয়ববীয়াৰ লগতে বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, বোকাখাত আৰক্ষীৰ যান বাহন বিভাগৰ উপ পৰিদৰ্শক গোবিন কাকতি, সমাজকৰ্মী নিজৰা বৰঠাকুৰ,কল্পনা চেতিয়াৰ লগতে বিশিষ্ট ব্যক্তি সকল। বোকাখাত মজদুৰ ভৱনত অনুস্থিত মুকলি সভাতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৪৪ গৰাকী শিক্ষাৰ্থীক অভিনন্দন জনায়।
পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *