0 00 1 min 2 mths 85

প্ৰশ্ন: কেতিয়া সমাজতত্বৰ জন্ম হৈছিল?
উত্তৰঃ ১৮৩৯ চনত সমাজতত্বৰ জন্ম হৈছিল।

প্ৰশ্নঃ সমাজতত্বৰ পিতৃ কোন?
উত্তৰঃ আগষ্ট কম্পটে (August Compte) হ’ল সমাজতত্বৰ পিতৃ বা জনক ।


প্ৰশ্নঃ এগৰাকী ভাৰতীয় সমাজতত্ববিদৰ নাম লিখা ।
উত্তৰঃ ডঃ ৰাধাকমল মুখাৰ্জী ভাৰতৰ এগৰাকী বিশিষ্ট সমাজতত্ববিদ ।

প্ৰশ্নঃ “সামাজিক সম্বন্ধ” কিহৰ এটা প্ৰধান বৈশিষ্ট্য?
উত্তৰঃ সামাজিক সম্বন্ধ সমাজৰ এটা প্ৰধান বৈশিষ্ট্য।

প্ৰশ্নঃ প্ৰত্যক্ষবাদ মানে কি?
উত্তৰঃ প্ৰত্যক্ষবাদ হ’ল সমসাময়িক সমাজ ব্যৱস্থাৰ বিষয়ে শুদ্ধ তথ্য সংগ্ৰহ কৰি পৰ্যবেক্ষণৰ জৰিয়তে কৰা এক বাস্তৱ সন্মত অধ্যয়ন।

প্ৰশ্নঃ সমাজ শাস্ত্ৰ সমাজ বিজ্ঞান নে প্ৰাকৃতিক বিজ্ঞান?
উত্তৰঃ সমাজ শাস্ত্ৰ এক প্ৰাকৃতিক বিজ্ঞান।


প্ৰশ্নঃ প্ৰত্যক্ষবাদী দৰ্শনৰ শ্ৰষ্টা কোন ?
উত্তৰঃ প্ৰত্যক্ষবাদী দৰ্শনৰ শ্ৰষ্টা হ’ল আগষ্ট কম্পটে ।

প্ৰশ্নঃ সমাজ শাস্ত্ৰৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ সমাজ শাস্ত্ৰৰ জন্ম ফ্ৰান্সত ( France) হৈছিল ।

প্ৰশ্নঃ সমাজতত্বই কিহৰ বিষয়ে অধ্যয়ন কৰে ?
উত্তৰঃ সামাজিক ক্ৰিয়া , সামাজিক সম্বন্ধ আৰু এইবোৰৰ প্ৰকৃতি , স্বৰূপ , ফলাফল আৰু পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰাটোৱেই সমাজতত্বৰ প্ৰধান কাম বুলিব পাৰি।


প্ৰশ্নঃ এ.এল. ক্ৰবাৰে আগব উক্তিটো লিখা ।
উত্তৰঃ এ.এল. ক্ৰবাৰে আগবঢ়োৱা উক্তিটো হ’ল “সমাজতত্ব আৰু নৃতত্ব যঁজা ভগ্নী স্বৰূপ”।

প্ৰশ্নঃ সমাজতত্বই কি বুজায় ?

উত্তৰঃ মানৱ সমাজৰ বিজ্ঞানসন্মত তথা শৃংখলাবদ্ধ অধ্যয়নেই সমাজতত্ব । ই সমাজ এখনৰ বিভিন্ন দিশবোৰক সামাজিক অধ্যয়ণ কৰে। আমাৰ সামাজিক জীৱন, সামাজিক গোট সম্পৰ্কে সমাজতত্বই প্ৰণালী বদ্ধ অধ্যয়ণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *