0 00 1 min 4 yrs 166
         ফেচবুকত এটা ভাইৰেল ভিডিঅ’। য’ত এগৰাকী দূৰ্ভগীয়া মহিলাই বৰ্ণনা কৰিছে তেওঁৰ জীৱনৰ হৃদয়বিদাৰক কাহিনী দেখিলে আপোনাৰো গা শিয়ৰি উঠিব । জীৱশ্ৰেষ্ঠ মানুহ যে পশুতকৈয়ো অধম হ’ব পাৰে তাৰ এক জ্বলন্ত উদাহৰণ। ভিডিঅ’টোত মহিলাগৰাকীয়ে বৰ্ণনা কৰা মতে অইলত চাকৰি কৰা ল’ৰা এজনৰ লগত চাৰি বছৰীয়া প্ৰেমৰ অন্তত বিবাহ হৈছিল। বিবাহৰ পাছৰপৰাই মহিলা গৰাকীৰ জীৱনলৈ নামি আহিছিল ঘোৰ অন্ধকাৰ।
প্ৰতিদিনেই চলিছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন । সহজ ভাষাত কবলৈ গ’লে এক নাৰকীয় জীৱন নামি আহিছিল তেওঁৰ জীৱনলৈ । নিৰুপায় মহিলা গৰাকী। কাক ক’ব , কোনে শুনিব তেওঁৰ মনৰ কথা । উল্লেখযোগ্য যে মহিলা গৰাকীৰ স্বামী আৰু শহৰেক অৰ্থাৎ পিতাপুত্ৰৰ মাজতো সদায়েই চলে মহাৰণ । সাধাৰণ কথা এটাতেই হাতত তুলি লয় দা-কুঠাৰৰ দৰে মাৰণাস্ত্ৰ । সকলো ঘটনাৰ সাক্ষী হৈ ৰয় এই দূৰ্ভগীয়া মহিলাগৰাকী । উল্লেখযোগ্য যে মহিলা গৰাকীৰ ডেৰ বছৰীয়া এটি কন্যা সন্তানো আছে । সন্তানটো গাত থকা সময়তো চলিছিল অমানুষিক তথা পাশৱিক অত্যাচাৰ ।
   এতিয়া আচল কথা হ’ল এই মহিলা গৰাকীয়েই নহয় আন বহুতো নিৰ্যাতিতা মহিলা আছে আমাৰ সমাজত বিবাহ নামৰ এক পবিত্ৰ সম্পৰ্কৰ বিনিময় ত তেওঁলোকে এক নাৰকীয় জীৱন পায় । নিজক জন্ম দিয়া মাক-দেউতাকৰ ঘৰখন এৰি এখন সুখৰ সংসাৰৰ সপোন দেখি আন এখন ঘৰলৈ ওলাই অহা ছোৱালী এজনীক এনেদৰে শাস্তি দিয়াজন বাৰু প্ৰকৃতাৰ্থত মানুহেইনে ?
অঞ্জন সন্দিকৈ

Leave a Reply

Your email address will not be published. Required fields are marked *