বহু চৰ্চিত নাগৰিকত্ব (সংশোধনী) বিধেয়ক~২০১৬ ই অসমীয়া জাতিৰ ভেটিৰ লগতে ভাষা সংস্কৃতিতো বৃহৎ ক্ষতি কৰিব বুলি ইতিমধ্যে ৭০ অধিক জাতীয় সংগঠন তথা চিন্তাবিদ, বিশিষ্ট নাগৰিক সলসকলে অভিযোগ কৰিছে ৷ তেওঁলোকৰ মত, এনেও পশ্চিমীয়া সংস্কৃতিপ্ৰেমী তথা ইংৰাজী মাধ্যমত অধ্যয়নৰ দুৰ্বলতাই যুৱ প্ৰজন্মক গ্ৰাস কৰিছে ৷ তেনেস্থলত প্ৰায় দুই কোটি অনা অসমীয়াভাষী লোকে নিগাজিকৈ অসমত থাকিবলৈ হ’লে চিৰ চেনেহী ভাষা জননী কথাষাৰি এলাগী হোৱাটো নিশ্চিত ৷
এনে জটিল ক্ষণতে মাতৃভাষাটোক জীয়াই ৰখাৰ এক সেউজ আশা আহিছে- অনলাইন সাহিত্য চৰ্চাৰ মাধ্যমেৰে ৷ অসমৰ কেইবা নিযুত শিক্ষিত তৰুণ-তৰুণী, নাগৰিকে বৰ্তমানে অনলাইন মাধ্যমত সদা ব্যস্ত থাকে ৷ বিভিন্ন আনুষ্ঠানিক অনানুষ্ঠানিক বিষয় আলোচনা, বাৰ্তা, অভিজ্ঞতা আদি অসমীয়া ভাষাত ভাগ বতৰা কৰে। তাৰ মাজতে প্ৰায় এক লক্ষ সদস্যই সাহিত্যৰ দৰে বিভিন্ন মননশীল ভাৱ অনুভূতিবোৰ অনলাইন মাধ্যমত অসমীয়াতে আগবঢ়াই থকা দেখা গৈছে ৷ অতি উল্লেখনীয় এই যে প্ৰায় পঞ্চাশ হাজাৰজন নবীন প্ৰবীন, ন শিকাৰু লেখক লেখিকাই অসমীয়া ভাষাতে অনলাইন মাধ্যমত সাহিত্য চৰ্চা কৰি আহিছে ৷ সেইসমূহৰ বহু সংখ্যক প্ৰতিষ্ঠিত লেখকো আছে ৷ যাৰ দ্বাৰাই কেইবা লাখ অনুৰাগী পঢ়ুৱৈ আছে ৷
এইদৰে সাতে পাঁচে মিলি বহু লাখ সদস্যই অনলাইন মাধ্যমত কেৱল অসমীয়া ভাষাটো ব্যৱহাৰ কৰি আছে ৷
তাৰমাজত অতি গৌৰৱৰ বিষয় এইযে বহুকেইজন প্ৰতিভাশালী অসমীয়া যুৱকৰ প্ৰচেষ্টাত অনলাইন অসমীয়া আলোচনীয়ে বহু জনপ্ৰিয়তা অৰ্জন কৰিছে ৷ তাৰ মাজতে “জোনাক” ই-আলোচনী আৰু ৱেব মিডিয়া অন্যতম ৷
এনে কামৰ দ্বাৰাই আওপকীয়াকৈ হলেও অসমীয়া ভাষাটোৰ চৰ্চা আৰু বিকাশত গুৰুত্ব বাঢ়িছে ৷

দীপ হেষ্টিংছ বৰি