0 00 1 min 5 yrs 188
          ঋতুৰ ৰাণী শৰৎ সৃষ্টিৰ সুকোমল দলিছা ৷ শৰতৰ মনভোলা পৰিবেশে সকলোকে আপ্লুত কৰে ৷ প্ৰস্ফুটিত  হয় সুপ্ত চিন্তাধাৰা । সেয়ে কবি-শিল্পীৰ কাপেৰে নিগৰে সৃষ্টিৰ শ্ৰেষ্ঠতম বাখৰ ৷ জাগ্ৰত হয় সুপ্ত প্ৰতিভা ৷ পূৰ্ণতা লাভ কৰে অনুভৱ-চিন্তাশিল্পই ৷ শৰৎ কালতেই হয়তো কবি-সাহিত্যিকৰ সৃষ্টিৰ জোৱাৰ অধিক হয়  ৷ সিক্ত বৰষাৰ পাছতেই ফৰকাল শৰতে সকলোৰে মনত প্ৰাণ উতলা কৰি তোলে ৷ সাম্প্ৰতিক সময়ত আমাৰ নতুন লেখক-লেখিকাসকলৰো শাৰদীয় বতৰত লেখাৰ গতি অধিক দেখা যায়। পৰিৱেশে সহযোগিতা কৰে । ই এক ভাল খবৰ ৷ কিন্তু এইখিনিতে এটা কথা মন কৰিব লাগিব যে, আমি যদি কেৱল সময়োচিত তথা ঋতুকেন্দ্ৰিক লেখাতে গুৰুত্ব দিলে নহ’ব; অন্যথা সৃষ্টিৰ মাদকতা নাথাকিব  ৷ কথাষাৰ নতুন লেখকে গুৰুত্ব দিয়াতো অত্যন্ত প্ৰয়োজন।
স্বাক্ষৰ-
দীপ হেষ্টিংছ বৰি
 ১৫.০৯.২০১৯

Leave a Reply

Your email address will not be published. Required fields are marked *