0 00 1 min 1 yr 10
✍️বিশাল বৰা

ম্প্ৰতি শব্দৰ চহৰখন নিতাল
সপোনবোৰ দুহাতত তুলি লোৱাৰ আখৰাত
যান্ত্ৰিকতা ব্যস্ততাৰ অহৰহ কুছকাৱাজ
সময়বোৰ কৰবাত পেণ্ডুলামৰ দৰে
কৰবাত তীব্ৰবেগী ৰেলগাড়ী খনৰ দৰে
নাই !
বহুদিন সোধা নাই আকাশক 
জোনাকৰ খবৰ
নদীখনক সোধা নাই মোহনাৰ খবৰ
পথাৰখনৰ ৰঙবোৰো চুই চোৱা নাই
আবেলিৰ বতাহজাকৰ গোন্ধবোৰ লোৱা নাই
আৰু সন্ধ্যাৰ আকাশেদি উৰা চৰাইজাকৰৰ ঠিকনাওঁ বিচৰা নাই
এনেকৈয়ে ক্ৰমশ…
প্ৰিয় ৰঙবোৰেৰে কেনভাচত অঁকা নাই
অৰ্থহীন আক-বাক 
জালিকটা ৰদৰ উমত
শীতে ভাগৰ জিৰায়
শীতে সী থয় হেজাৰৰঙী কবিতা
কলিজাৰ ভাঁজত
শব্দৰ নদীয়েদি বৈ যাওঁ  বা নাযাওঁ
অনুভৱেতো প্ৰতিপল বুকুতে বাগৰ সলায়
এনেকৈয়ে আঙুলিটো জী উঠে কেতিয়াবা
ডিজিটেল দুনিয়াত
হৃদয়ৰ সুৰ বাকি
সুৰবোৰ নিয়ৰৰ দৰে
আৰু শব্দবোৰ মৌনতাতো
বাংময় হোৱা দুওঁঠৰ দৰে
যদিওঁবা 
সম্প্ৰতি নিতাল শব্দৰ চহৰ!!

Leave a Reply

Your email address will not be published. Required fields are marked *