সৌৱা !
জপনা মুখতচোন
ৰৈ অাছে বলা
বসন্তৰ ৰাণী ;
আমাৰ বিহু ” ৰঙালী আদৰোগৈ বলা ;
ডেকা গাভৰু,
ককা আইতা সকলো!
মুগা ৰিহা গামোছাৰে
ঢোঁল পেপা গগণাৰে
হুচৰী যোজনালৈ
জপনা মুখতচোন
ৰৈ অাছে বলা
বসন্তৰ ৰাণী ;
আমাৰ বিহু ” ৰঙালী আদৰোগৈ বলা ;
ডেকা গাভৰু,
ককা আইতা সকলো!
মুগা ৰিহা গামোছাৰে
ঢোঁল পেপা গগণাৰে
হুচৰী যোজনালৈ
বলাচোন আদৰি আনোগৈ !
হেৰৌ ! চাছোন চা ;
কেতেকী আহিছে
উলাহত নাচিছে
কুলীয়ে বিনাইছে
মদাৰ ফুলিছে
ফুলিছে শিমলু ফুল ;
ডালে ডালে সৌৱা
কুঁহিপাত ওলাইছে ,
থুপা থুপে কপৌ ফুল ;
কেতেকী আহিছে
উলাহত নাচিছে
কুলীয়ে বিনাইছে
মদাৰ ফুলিছে
ফুলিছে শিমলু ফুল ;
ডালে ডালে সৌৱা
কুঁহিপাত ওলাইছে ,
থুপা থুপে কপৌ ফুল ;
বাৰে বাৰে চোৱাচোন
তাঁতৰ পাটত শিপিনীৰ
খোপা সোলকিছে
খৰ্ খৰকৈ মাকু মাৰিছে
বিটচকুৰ তলেৰে
গুটিফুল বাচিছে
আজিযেন আজৰিয়েই নাই ;
কাঠী কামি এৰি
ককাই পঘা বটীছে
দীঘ-লতি আনিছে
মাখিয়তী আনিছে
আজিচোন তৰনি নাই ;
তাঁতৰ পাটত শিপিনীৰ
খোপা সোলকিছে
খৰ্ খৰকৈ মাকু মাৰিছে
বিটচকুৰ তলেৰে
গুটিফুল বাচিছে
আজিযেন আজৰিয়েই নাই ;
কাঠী কামি এৰি
ককাই পঘা বটীছে
দীঘ-লতি আনিছে
মাখিয়তী আনিছে
আজিচোন তৰনি নাই ;
গৰু বিহু ,মানুহ বিহু
গোসাই বিহু ,কুটুম্ব বিহু
তাঁতশালৰ বিহু, চেনেহী বিহু
শেষত আহিছে চেৰা বিহু
এইবাৰো আহিল ৰঙালী বসন্ত
সাঁত বিহুৰে ৰঙ বিলাবলৈ ;
বাপুতি সাহোন অসমীয়াৰ প্রাণ
ৰৈ থাকি জানো পাম পৰিত্রাণ
সাতাম পুৰুষীয়া লৈ এনাজৰী
বিলাই আহিছে সবাকো প্রীতি
প্রকৃতিৰ সতে সাজিব কাচিব
ৰূপৰ অমিয়া আমালৈ যাচিব
আহচোন আহ সকলো আহ
পলম নকৰি আদৰোগৈ আহ ;
গোসাই বিহু ,কুটুম্ব বিহু
তাঁতশালৰ বিহু, চেনেহী বিহু
শেষত আহিছে চেৰা বিহু
এইবাৰো আহিল ৰঙালী বসন্ত
সাঁত বিহুৰে ৰঙ বিলাবলৈ ;
বাপুতি সাহোন অসমীয়াৰ প্রাণ
ৰৈ থাকি জানো পাম পৰিত্রাণ
সাতাম পুৰুষীয়া লৈ এনাজৰী
বিলাই আহিছে সবাকো প্রীতি
প্রকৃতিৰ সতে সাজিব কাচিব
ৰূপৰ অমিয়া আমালৈ যাচিব
আহচোন আহ সকলো আহ
পলম নকৰি আদৰোগৈ আহ ;
বড়ো,ৰাভা,মিচিং, কছাৰী
ৰাজবংশী,কোছ,তিৱা, মণিপুৰী
সম্প্রীতি,মৰমৰ অতিকে আপোণ
হিয়াৰ আমথু হৃদয়ৰ দাপোণ
ৰৈ নাথাকিবা আহচোন ওলাই
সকলোকে ৰং দিয়া উপচাই
ৰব যে আৰু সময় নাই।
=======
সুৰজিত
গোলাঘাট
১৩-০৪-২০১৯
ৰাজবংশী,কোছ,তিৱা, মণিপুৰী
সম্প্রীতি,মৰমৰ অতিকে আপোণ
হিয়াৰ আমথু হৃদয়ৰ দাপোণ
ৰৈ নাথাকিবা আহচোন ওলাই
সকলোকে ৰং দিয়া উপচাই
ৰব যে আৰু সময় নাই।
=======
সুৰজিত
গোলাঘাট
১৩-০৪-২০১৯