0 00 3 yrs 152
 ইলামণি শইকীয়া

প্ৰাচীন পৃথিৱীখনে অকণমান শুব খুজিছে

নতুন পুৰুষৰ সুৰৰ ৰাগীত
চৈধ্য পুৰুষৰ মৃত হাড়বোৰ মৰ্‌মৰাই উঠিছে
মলঙিব ধৰা কাহিনীৰে আৰম্ভ হৈছে নতুন এটা কাহিনী
সহজ কৰিব খোজা কথাবোৰৰ সামৰণি
পৃথিৱীৰ প্ৰথম নাৰীৰ হাবিয়াসৰ দৰে
জটিল হৈ পৰিছে
সম্ভৱতঃ পোহৰ মলিয়াব অচিৰে৷

Leave a Reply

Your email address will not be published.