0 00 1 min 4 yrs 180

ব্যস্ততাৰ নাগপাশত বন্দী সময়

পক্ষী বিনন্দীয়া, ধৰণী সেউজীয়া,
এপলক বুজিবলৈ আহৰি নহয়।
হৃদয় নিৰ্বিকাৰ, অবুজ, কৰুণ লুইতৰ ভেটা ভাঙি ব’বলৈ অসহায়
জাজৰিত লাগি ৰয় – সময় যে নাই!
পেশম ধৰা ময়ুৰী
স্বৰ্ণাভ জ্যোতি
মূৰ তুলি চকু দিব নোৱাৰি
সময় যে অসময়!
আঁতৰে আছা, কুশলে আছা
কাষলৈ আহিবা, সময় দিব জানো পাৰিবা
ব্যস্ততাৰ বসন কেনেকৈ খুলিবা
ই যে অপ্ৰমাদী
ই যে স্বৰ্ণকাঠী
অংগবস্ত্ৰ দৌপদী
আঁজুৰি আঁৱথি খুলিলেও
নি:শেষ নহয়, হ’ব নোৱাৰে
কঁঠালগুটীয়া নিগনি এটাই কুটি কুটি খাই
সময় যে দু:সময়
হেৰুৱা সম্পদ বিচাৰি জানো পায়
মায়া মমতা, সহৃদয়তা কিম্বা সহনশীলা হৃদয় জানো পায়
কাক ক’বা, কোনে বুজিব
যাকে ক’বা, সিয়েই হাঁহিব, দাঁত নিকটাই
এধানি আহৰি নাই
মুঠিমাৰি ধৰিলে পিছলি পৰে আঙুলিৰ ফাঁকেৰে
এৰি দিলেও উৰা মাৰে দূৰলৈ
সময় ঘিলা হৈ নুঘূৰে
আঁজুৰি পিজুৰি চিঙে সুখৰ সম্পদ
ব্যস্ত সময়ে!!
—————-
ৰূপজ্যোতি গগৈ

Leave a Reply

Your email address will not be published. Required fields are marked *