0 00 1 min 4 yrs 191
ভৱিষ্যতে নিজেই যেতিয়া এদিন
লুটিয়াই চাব অতীতৰ পাত
আৰু ৰাজপথত নেদেখিব তোমাক
বিচাৰি নাপাব ভিৰৰ মাজত
নেদেখিব ছহিদৰ শাৰীত
কৰিবনে ক্ষমা সময়ে তোমাক 
নাহাঁ‌হিবনে ইতিহাসে দেখুৱাই দাঁ‌ত
আহা হে’ অসমীয়া বাজলৈ ওলাই
সময় কাৰো শত্ৰু নহয়
সময় কাৰো বন্ধু নহয়
সময় কৃষ্ণ
হ’ব বিচাৰে মাথো সাৰথি তোমাৰ
যুগে যুগে তোমাকেই অৰ্জুন সজাই 
লোৱা হে’ সমনীয়া তুলি নতুন গাণ্ডিৱ
এইয়া যে নতুন যুগৰ মহাভাৰত
এইয়া যে নতুন যুগৰ কুৰুক্ষেত্ৰ!
                              -সাগৰ

Leave a Reply

Your email address will not be published. Required fields are marked *