0 00 1 min 2 yrs 180

ধিং – ডুমডুমীয়া- বটদ্ৰৱা সংযোগী পথৰ শোচনীয় অৱস্থা ৷ধিং – ডুমডুমীয়া- বটদ্ৰৱা সংযোগী পথৰ শোচনীয় অৱস্থাৰ বাবে জলাকলা খাইছে পথচাৰীয়ে।

ধিং চহৰৰ পৰা হিমা দাসৰ ঘৰ হৈ ডুমডুমীয়া – বটদ্ৰৱা সংযোগী পথৰ এই দুৰৱস্থা ৷

পথৰ মাজত একাঠু পানী ৷ এনে দুৰ্বিষহ অৱস্থাৰ মাজেৰে যাতায়ত কৰিব লগাত পৰিছে অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে ৷

কিন্তু এই ক্ষেত্ৰত কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ লগতে বটদ্ৰৱা আৰু ধিং সমষ্টিৰ বিধায়কৰ ৷

এই পথচোৱা দুয়োটা সমষ্টিৰ সীমামুৰীয়া হোৱা বাবেই গুৰুত্ব নাপায় কোনো এজন জনপ্ৰতিনিধিৰ ওচৰত ৷

সেয়েহে স্থানীয় ৰাইজে মুখ্যমন্ত্ৰী ড○ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ জনাই অতিসোনকালে এই পথটো নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ কয় ৷

ধিঙৰ পৰা ইছাম উদ্দিন আহমেদৰ ৰিৰ্পট ।

Leave a Reply

Your email address will not be published. Required fields are marked *