0 00 1 min 2 yrs 199

ধিং আৰু বটদ্ৰৱা বাসীৰ বাবে এক সূখবৰ । সুদীৰ্ঘ ৩৩ বছৰে পৰিত্যক্ত হৈ ৰোৱা
ধিং চেক ক্ৰাফট কাগজ প্ৰকল্প স্থলীত বিজেপি চৰকাৰে স্থাপন কৰিছে এটা ঔদ্যোগিক পাম । এই ঔদ্যোগিক পামে যেন এতিয়া আশাৰ বতৰা কঢ়িয়াই আনিছে বৃহৎত্তৰ অঞ্চলটোৰ নিবনুৱা যুৱক যুৱতী তথা কৃষক ৰাইজ মাজলৈ । ভাৰত চৰকাৰৰ MSME আৰু আসম চৰকাৰৰ AIDC ৰ অৰ্থ সাহায্যত নিৰ্মাণ হৈছে এই ঔদ্যোগিক পাম । পৰিত্যক্ত কাগজ প্ৰকল্পটোৰ এটা অংশৰ ৮০ বিঘা মাটি সামৰি নিৰ্মাণ কৰা হৈছে এই পামটো । ২০২০ চনত বিজেপি চৰকাৰে আৰম্ভ কৰা এই ঔদ্যোগিক পামটোৰ নিৰ্মাণ কাৰ্য্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত । এই পামত স্থাপন হব ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগ । উদ্যোগ সমূহ স্থাপন হলেই স্থানীয় নিবনুৱা যুৱক যুৱতী সকলে পাব কৰ্ম সংস্থাপনৰ সুবিধা । জানিব পৰা মতে, বহিঃৰাজ্যৰ কেইবাটও সংস্থাই উদ্যোগ স্থাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ধিঙৰ এই ঔদ্যোগিক পামটোত।
উল্লেখ্য যে, তদানীন্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰথমটো কাৰ্যকালতে প্ৰায় ২শ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা লোৱা প্ৰকল্প টোৰ বিপৰীতে তেতিয়াই প্ৰাকলন ১৮০ কোটি অনুমোদন জনাই ১৩.২২কোটি প্ৰথম কিস্তিত মোকলাই দিছিল। ধিং আঠগাঁও চাপৰি ৰিজাৰ্ভত ৪৫৬ বিঘা মাটি সাঙুৰি লৈ উদ্যোগ স্হাপনৰ প্ৰচেষ্টা হাতত লৈছিল মহন্ত মহন্ত মন্ত্রী সভাৰ উদ্যোগ মন্ত্রী দীগেন চন্দ্র বৰাই। যি আধাৰশিলা অনুষ্ঠানত মহন্ত মন্ত্রী সভাৰ প্ৰায় এক ডৰ্জন মন্ত্রী বিধায়ক উপস্থিত থাকি এক প্ৰকাৰ চমক সৃষ্টি কৰিছিল। কিন্তু ১৯৯০ চনত অতি ৰহস্য জনক ভাবে বন্ধ হৈ পৰিছিল ইয়াৰ কাম। ক্ৰয় কৰা হৈছিল কোটি কোটি টকাৰ মেচিন। নিৰ্মাণ কৰা হৈছিল বিল্ডিং।

ধিঙৰ পৰা ইছাম উদ্দিন আহমেদৰ ৰিৰ্পট।

Leave a Reply

Your email address will not be published. Required fields are marked *