0 00 1 min 5 yrs 129
Village Rockstars–এখন গীটাৰ,এজাক শিশু আৰু এবুকু সপোন।
দিল্লীত অনুষ্ঠিত হৈ থকা Habitat Film Festival ত যোৱা কালি ৰিমা দাস নিৰ্দেশিত Village Rockstars চাবলৈ সুযোগ পালো। উল্লেখযোগ্য যে Village Rockstars য়ে সুদীৰ্ঘ 31 বছৰৰ পাছত এইবাৰ অসমলৈ National Film Award for Best Film ৰ স্বৰ্ণ কমল বঁটা আনিবলৈ সক্ষম হৈছে। ট্ৰেইলাৰটো চাই এক উৎসুকতা জন্মিছিল চিনেমাখন চাবলৈ। শ্ৰেষ্ঠ ছবিৰ বঁটা পোৱাৰ পাছত সেই উৎসুকতা দুগুণ হ’ল। চাবলৈ মন গ’ল চিনেমাখনৰ বিশেষত্ব যাৰ বাবে ভাৰতৰ সকলো ছবিৰ ভিতৰত এইবাৰ শ্রেষ্ট বিবেচিত হ’ল। চিনেমাখন চাই উঠি এটা কথা মনলৈ আহিল যে শ্ৰেষ্ঠ ছবিৰ বঁটা পোৱাৰ মূল কাৰণ হৈছে চিনেমাখনৰ সকলো ক্ষেত্ৰতে এক নিজস্ব উপস্থাপন শৈলী আছে, এক মৌলিকতা আছে। অসমৰ গ্ৰাম্য জীৱনটো পৰিচালকে গতানুগতিক চিনেমাতকৈ নিজস্ব নিৰ্মাণ শৈলীৰে সুন্দৰকৈ উপস্থাপন কৰিছে। নিৰ্দেশনা, চিত্ৰনাট্য, কেমেৰা, সম্পাদনা ৰিমা দাসৰ। চিনেমাখন চাই অনুভৱ কৰিব পাৰি চিনেমা বনাবলৈ টকা পইচাতকৈ বেছি জৰুৰী প্ৰবল ইচ্ছা আৰু এক কলা সুলভ মন। বহু বছৰৰ পৰা মুম্বাইত থকা ৰিমা দাসে মন মেলিলে নিজৰ জন্মস্থান ছয়গাঁওৰ কেইটামান ল’ৰা ছোৱালীৰ সপোন আৰু জীৱনৰ বিষয়ে কবলৈ। হাতত কেমেৰা আৰু লগত এজাক শিশু। ৰিমা দাসৰ কেমেৰাই গাঁওখনৰ প্ৰত্যহ্বানেৰে ভৰা জীৱনৰ মাজত দেখুৱাই গ’ল জীৱনৰ সপোনবোৰ।
চিনেমা খনৰ মুখ্য চৰিত্ৰ “ধুনু” য়ে সপোন পুহি ৰাখে এদিন এখন গীটাৰ কিনিব আৰু তাইৰ এটা ৰ’ক বেণ্ড হ’ব। গীটাৰখনক বহু প্ৰত্যহ্বানৰ মাজত এক আশাৰ প্ৰতীক হিচাবে ব্যৱহাৰ কৰা হৈছে।গাঁওৰ মানুহ খিনিৰ গতানুগতিক চিন্তাৰ বিপৰীতে নিজৰ মনৰ ইচ্ছাৰে কামবোৰ কৰে ধুনুয়ে। আৰু তাইৰ এই সাহসী মনৰ আঁৰত আছে অন্য এগৰাকী নাৰী; ধুনুৰ মাক। মাকে তাইক সাহস দিয়ে, ছোৱালী হ’লেও নিজকে ল’ৰাতকৈ কোনো গুণে কম নাভাবিবলৈ কয়। এজনী নাৰী যেতিয়া আন এজনী নাৰীৰ সাহস হয় তেতিয়াই সমাজৰ বহু বাধা অনায়াসে ভাঙিব পাৰি। ধুনু হৈছে বহু ঘাট প্ৰতিঘাটৰ মাজতো ধনাত্মক চিন্তা কৰাৰ এক প্ৰতীক। পথাৰৰ ঘোলা পানীত শুই থাকিও লাখ টকীয়া ছুইমিং পুলৰ নিচিনা আনন্দ পায়, কাগজৰ গীটাৰত বিচাৰি পায় জীৱনৰ সুৰ। গাঁৱৰ দৈনন্দিন জীৱন, প্ৰাকৃতিক দুৰ্যোগ আটাইবোৰ ৰিমা দাসৰ কেমেৰাত খুব কলাত্মক ভাৱে তুলি দিয়া হৈছে। প্ৰতিটো ফ্ৰেমৰ কম্পজিচন নিখুঁত। শব্দই এক গুৰুত্বপূৰ্ণ চৰিত্ৰ হিচাবে কাম কৰিছে ছবিখনত। বৰষুণ, বতাহৰ শব্দই মনটোক সেই ঠাইখনলৈকে উৰুৱাই নিয়ে। প্ৰথমবাৰৰ বাবে চিনেমাত অভিনয় কৰা শিশু শিল্পী ভণিতা দাসৰ অভিনয় চাই ধৰিব পাৰি চৰিত্ৰটোৰ মাজত কি ধৰণে সোমাই পৰিছে তেওঁ। চিনেমাখনৰ চিত্ৰনাট্য ভাল যদিও শেষৰ ফালে কাহিনীটো আৰু অলপ বহলাই দেখুৱাব বুলি আশা কৰিছিলোঁ। এক নিজস্ব শৈলীৰ চাপ থকা ৰিমা দাসৰ নিৰ্দেশনা চাই ভৱিষ্যতে আৰু বহু ভাল চিনেমা আশা কৰিছোঁ। বহু নিৰাশাৰ মাজতো হতাশ নোহোৱা ধুনুৰ দৰেই Village Rockstars য়েও অসমীয়া চিনেমাৰ বাবে কঢ়িয়াই অনা এই আশাৰ দিনবোৰ চিৰস্থায়ী হওঁক।
(ৰিতুপৰ্ণ)

Leave a Reply

Your email address will not be published.