0 00 1 min 5 yrs 219
    

  কাজিৰঙাৰ অগৰাতলীত চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ২০,২১,২২ ডিচেম্বৰত পুনৰ চৰকাৰী পৃষ্ঠপোষকতাত অনুস্থিত হব হস্তী মহোৎসৱ ৷ ২০০৩ ৰ পৰা ২০০৯ চনলৈ চৰকাৰী পৃষ্ঠপোষকতাত কঁহৰাত অনুস্থিত হৈছিল হস্তী মহোৎসৱ ৷ বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ত আজি অনুস্থিত সভাত এই  সিদ্ধান্ত গ্ৰহণ কৰে ৷ মহকুমাধিপতিৰ সভাপতিত্বত অনুস্থিত সভাত কাজিৰঙাৰ সঞ্চালক আৰু ডি,এফ,অৰ লগতে প্ৰতিটো বিভাগৰ মুৰব্বী আৰু স্থানীয় লোকে অংশ লয় ৷ মহোৎসৱত হাতী- মানুহৰ সংঘাতৰ ওপৰত আলোচনা সত্ৰ, হাতী ফেশ্বন শ্ব,সাংস্কৃতিক অনুস্থান,আত্ম সহায়ক গোটৰ মেলা অনুস্থিত হব ৷ মহোৎসৱ উপলক্ষে মাৰাথান দৌৰো অনুস্থিত হ’ব ৷ মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰতিকী হস্তীৰে এমাহজোৰাকৈ অসমত সজাগতা অভিযানো চলিব ৷

(পপী শইকীয়া )
বোকাখাত।

Leave a Reply

Your email address will not be published. Required fields are marked *