0 00 1 min 4 yrs 76
তাঁতৰ পাটত গুটিফুলৰ গামোচা
তিতিলে কপালৰ ঘামত ,
থৌকিবাথৌ চেনেহীৰ হিয়াখন
চেনাইলৈ পৰিছে মনত;
বসন্ত সুবাসে মহীয়ান শৰীৰত
বাসন্তী ফুলিছে অাজি
পাহুৱাল্ ডেকাটি ককালত টঙালি
বাৰুকৈ বান্ধিছে আটি
জেতুকাৰ ৰঙেৰে তুলিকা বোলাই
সজাই পৰাই লৈ
চঞ্চলা গাভৰু জপনাৰ মুখত
আজি যেন আছে ৰৈ
চেনেহৰ দিঘেদি মৰমৰ বানিৰে
বৈচে গামোচা খনি
চেনেহীয়ে আঁচলত ৰাখিছে লুকাই
চেনাইক দিবলৈ বুলি ;
ৰঙালীত ৰাঙলী যেনহে পখিলী
দুগালত গোলাপী আভা
হৰিণি চকুৰে চেনাইক মুহিব*
চটিয়াই মৰমৰ প্ৰভা
কাঠি কামি বাছি মনৰে ডেকাটি
গগনা সাজিচে অাজি
চেনেহীৰ খোপাতে গুজি দিবগৈ
এইবাৰ কৰাব ৰাজী
—————————
সুৰজিত
১৯-০৪-২০১৯
গোলাঘাট
ফন:৮৮৭৬২৭৭৯৫৯,৯৮৫৪৫২৬৮৯২

Leave a Reply

Your email address will not be published.