0 00 1 min 4 yrs 192
জোনাক তোমাক মই
বৰ ভাল পাও ;
সেয়ে নিতে জোনাকৰ
গীত গাই যাও ।
গীতবোৰ লিখো নিতে
তোমাকেই লই‍ ;
নিশা নিজানত বহি
মতলীয়া হই ।
জোনাকৰ ৰংবোৰ
বুটলি বুটলি ;
সফূৰা ভৰাই লও
নিতে হাঁহি হাঁহি।
ৰংতে বিভূৰ হৈ
গুণ গুণ কৈ
গাও যাও জোনাকত
মতলীয়া হয়
হৃদয় বীণাত তুলি
নিদানৰ তান ;
গাই যাও তাৰ সতে
জোনাকৰ গান।
মনৰ দাপোণ খনিত
জুমি জুমি চাও ;
যেনিবা জোনক মই
তাতে লগ পাও।
লগ পালে সুধিম বুলি
ইটো সিটো কথা ;
হয়তো নাশিব পাৰো
সাঁচি ৰখা ব্যথা।
এন্ধাৰ এন্ধাৰ লগা
ব্যাথাবোৰ নিতে
সানি দিম জোনাকত
তুলিকাৰ সতে
তোমাৰ শীতল আভা
শীতল পৰশ ;
গাঁথি যাও জীৱন গাথা
মই নিৰলশ ।
সেয়ে মই জোনাকক
বৰ ভাল পাও ;
সেয়ে নিতে জোনাকৰ
গীত গাই যাও।
===========
সুৰজিত
১০-০৭-২০১৯
গোলাঘাট
ম:ন: ৮৮৭৬২৭৭৯৫৯

Leave a Reply

Your email address will not be published. Required fields are marked *