0 00 1 min 5 yrs 92
জীৱন মানেনো কি ?
জানো মই ,কিন্তু নাজানোঁ;
কেতিয়াবা ভাবো হয়তো কৰবাত
নিজেই হেৰুৱালোঁ নেকি 
মোৰ জীৱনৰ অৰ্থ ?
কেতিয়াবা মনে ভাবে
মোৰ  অস্তিত্ব,মোৰ বিকাশ
মোৰ অভিলাশ, মোৰ অৱসাদ
এয়াই হয়তো মোৰ
সঁচা জীৱনৰ অর্থ ॥                                  
ধৰাৰ বুকুত লৈছোঁ
জীৱ শ্ৰেষ্ঠৰ  পৱিত্ৰ জনম;
হাবিলাষত নিজকে বিলাই দি
হয়তো কৰিছোঁ ভোগ
মানৱী জীৱনৰ॥
ধৰাতল চহাই কৰি
গোপনে সংঘাটৰ বীজ সিঁচি
নিৰাশাত আশাবোৰ বিচাৰি
হয়তো বুজাব খোজিছোঁ
মই জীৱনৰ অর্থ॥                                 
কেতিয়াবা নিজেই হও
আধৰুৱা, ভাগৰুৱা, জুৰুলা ;
ধন ,সোণ ,ঐশ্বৰ্য্য ,বিভূতিৰ প্ৰহৰী হৈ
পল অণুপল নাশি;
হয়তো এয়েই জীৱন ! 
ব্যৰ্থ;ব্যৰ্থ নেকি বাৰু
নিজ ব্যক্তিত্ব বিশ্লেষণত,
প্ৰষ্ফুটিত নিৰলস ধ্যান ধাৰণাৰে
জীৱনক সাঙুৰি লৈ
জীৱনৰ অর্থ বিচৰাত ??
                     =======================
সুৰজিত 
ফন:৮৮৭৬২৭৭৯৫৯                                                      ০৫-১১-২০১৮                                                    

Leave a Reply

Your email address will not be published. Required fields are marked *