0 00 1 min 3 yrs 150
১. অস্পষ্ট
 জহি– খহি যোৱা ভগ্নাৱশেষৰ টুকুৰাবোৰ
ঠেৰেঙা লগা জাৰত ধুঁৱলি – কুঁৱলী
 চকুৰে মনিব নোৱাৰা এটি পুৱা
বহু বছৰৰ মচিব ধৰা স্মৃতিবোৰ
সপ্ৰতিভ হৈ ধৰা দিলে
ধূসৰ –ধূসৰ, অস্পষ্ট
 ২.শৈশৱ
অতীতৰ সোণালী দিনবোৰলৈ দৌৰি যাওঁ
 পাহৰিব নোৱাৰা মধুৰ ক্ষণ
সেইয়াই আমাৰ শৈশৱ
য’ত নাছিল কোনো স্বাৰ্থপৰতা অথবা কৃত্ৰিমতা
 আছিল মাথো শৈশৱৰ খেলা
✍️ কল্পনিকা দেৱী

Leave a Reply

Your email address will not be published.