0 00 1 min 4 yrs 228
” জয় জুবিন দা”

“আমি ককাই ভাই ।তেওঁ মোক নিজৰ বুলি ভাৱি গালি পাৰিব পাৰে অধিকাৰ তেওঁৰ আছে । সেইকাৰণেই মই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিলো। তেওঁৰ অন্তৰৰ কথা মই বুজি পাওঁ দাদাইও মোৰ মনৰ কথা জানে ভালদৰে,বুজি পাই যে মই সদায় তেওঁৰ আদৰ্শেৰে কাম কৰো। হয়তো কৰবাত কেতিয়াবা ভূল হ’বও পাৰে। মোৰ বিশ্বাস আছিল তেওঁ মোক, মোৰ সততা খিনিক বুজি পাব। মই কেতিয়াও তেওঁৰ আবাধ্য নহওঁ ।কোনোবাই কিবা কলেও তেওঁক কিমান ভাল পাওঁ, কিমান সন্মান কৰো মই,তেওঁ বুজি পাই। 
  আমি সদায় ভাল ভাল কাম কৰি যাম অসমবাসী ৰাইজৰ আৰ্শীবাদ, মৰম লগত লৈ।    
     জুবিন দা অসমৰ সম্পদ হয় ।এই মহান মানুহজনক  আমি সকলোৱে মিলি ভালদৰে ৰাখিব লাগিব। সেইটো আমাৰ কৰ্তব্য। গতিকে মইয়ো সদায়ে সংগ্ৰাম কৰি থাকো আৰু আজীৱন এই  চেষ্টা অব্যাহত থাকিব।
          মোৰ সংগীত জগতৰ গুৰুৰ দৰে তেওঁক ভাৱো ।বহুত শিকিছো,জানিছো, বুজিছো। বহুতকে তেওঁ বহু দিছে।তেওঁ এক বৃহৎ অনুষ্ঠান। মই তেওঁৰ অবাধ্য কোনোদিন হোৱা নাই আৰু নহওঁ।তেওঁৰ অহিত চিন্তা কৰিব নোৱাৰো।সেয়া সকলোৱে যেন বুজি পাই তাৰেই কামনাৰে…. 
  শেষত আন্তৰিক ধন্যবাদ জনাইছোঁ যিসকলে মোক বহুত বহুত সঁহাৰি জনালে আৰু বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো “জুবিন দালৈ”।

Leave a Reply

Your email address will not be published. Required fields are marked *