0 00 1 min 1 yr 7

লফুলে জী উঠিছিল সপ্নফুল 

মোৰ হেপাঁহৰ মোৰ হৃদয়ত আৰু
তাৰ সুগন্ধিবোৰ বিয়পি পৰিছিল ছায়া হৈ
মোৰ হৃদয়ৰ চাৰিওফালে,
বাজি উঠিছিল মোৰ বকুত চিনাকি সুৰৰ গান,
হাঁহিবলৈ শিকিছিলোঁ হে মাথোঁ,
কিন্তু সময়ৰ কোবত সকলো
উটি ভাঁহি গল কোনোবা দূৰ প্ৰান্তত,
বকুৰ ভিতৰত জ্বলি থকা
ধিমিক ধামাক জুই কুৰাই
নিমিষতে জ্বলাই শেষ কৰিলে
মোৰ ওঠৰ হাঁহি
মোৰ মিঠা মাত
মোৰ চিনাকি সুৰ
মোৰ মিঠা গান,
এতিয়া উকা বকুখনত মোৰ
সঘনাই অহা-যোৱা কৰে কেৱল
বিষাদৰ ধুমুহা,
শান্তি পোৱা নাই কতো,
নিশাৰ এন্ধাৰত চকুলো হৈ বৈ গৈছে
মোৰ সমস্ত অপ্ৰকাশিত ভাৱনা,
এতিয়া মাথোঁ অপেক্ষা মোৰ
এটি জোনাক গলা নিশাৰ
যত আকৌ উমলিব মোৰ সপ্নফুল
মোৰ হেপাঁহৰ মোৰ হৃদয়ত…….
✍️ৰাহুল দেৱ ৰায়

Leave a Reply

Your email address will not be published. Required fields are marked *