0 00 3 yrs 128

নশিৰিপৰীয়া কনেং মই

নৈৰ পাৰতে জন্ম
 নৈয়েই মোৰ শৈশৱ 
জীৱন যৌৱন
পিতাই আহুধানৰ খেতিডৰাত
এইবাৰ বানে আঁকি থৈ যায়
শুকুলা কেনভাছ
সিঁচৰিত হৈ পৰা আহুডৰা চপাওঁতে
আজন  তোৰ প্ৰেমত পৰো
দুয়ো  মৰং ঘৰৰ চাঙত বহি 
গুণ গুণাইছিলো এফাকি ঐনিতম
এইবাৰ লৃগাঙত আকৌ লগপোৱা হেপাঁহেৰে
পিতাইক  হাত খোজা কথা দি
“গৰুহালে লাগিমাং
মেনজকহালে লাগিমাং
যদি ঐনম…….”
তোৰবাবে বৈ থ’ম 
তোৰে গাৰ জোখাৰে
আমাৰে প্ৰথম প্ৰেমৰ হেপাঁহৰ গালুক
মই ধনশিৰিপৰীয়া কনেঙ
বলিয়া বানে চুই যায় আমাৰ চাঙঘৰৰ মুধ
কিন্তু
হৃদয় মিচাং ডুবাব নোৱাৰে
তোৰে মোৰে।
পপী শইকীয়া

Leave a Reply

Your email address will not be published.