0 00 3 yrs 117

                                  ✍  নীলাক্ষী ফুকন
          
আকাশৰ বিশালতাত আলোকিত হয় 
সীমাহীন আশা আৰু কিছু হেপাঁহ…
শুকুলা মেঘৰ চপৰাবোৰ বৰষুণৰ টোপাল হৈ
 নামি আহি চুমি যায় ,
আৰু
শিহৰিত হয় উশাহৰ খৰশ্ৰুতা গতি ।
নিস্তব্ধ , নিৰিবিলি নিশাত
নিজক লৈ ব্যস্ত হৈ পৰো,
ৰাতি মুকলি আকাশৰ তৰাৰ শোভা দেখি ভাৱো
নদীৰ গভীৰতা,ধৰাৰ বিশালতাৰ
উপচাৰ লৈ যদি দিব পাৰো 
একাজঁলি সৃষ্টিৰ সফুৰা
সেয়াই হব দায়িত্বশীলতা,সাহস আৰু প্ৰেৰণা
এই জগতলৈ , প্ৰতিজন মানৱলৈ ।
যদি গঢ়িব পাৰো সঠিক মানৱতা
 দি যাব পাৰিম এটি ক্ষুদ্ৰ উপহাৰ,
তাতেই বিচাৰি পাম জন্ম লোৱাৰ সাৰ্থক পৰিণাম 
এক সাফল্য জীৱনৰ ।

Leave a Reply

Your email address will not be published.