ভালপোৱাৰ ঠিকনাটি বিচাৰি ফুৰিছোঁ
বিচাৰি বিচাৰি ভাগৰুৱা হৈ পৰিছো ,
ইয়াৰ যে বৰকৈ দৰকাৰ
সেয়া উপলব্ধি কৰিছোঁ … কলুষিত হৈ পৰিছে বতাহজাক
আশাহীন হৈছে জীৱনবোৰ, মাদকতাবোৰ
আৰু সুমধুৰ কল্পনাবোৰ
“”চোলাৰ জেপতেই ৰাখিলোঁ নে
পেন্টৰ পকেটত ?””
ভাবি পৰিছো ।
ভালপোৱাৰ ঠিকনাটি বিচাৰি ফুৰিছোঁ ,
সেউজীয়া বোৰ হেৰাব লাগিছো
আন্তৰিকতাবোৰ ভাঙিব লাগিছো
ভালপোৱাৰ যে বৰকৈ দৰকাৰ
দকৈ চিনিব পাৰিছো ।
তুমি কৈছা –
মই হয়টো ঠিকনাটি
হেৰুৱাই পেলাইছো ।
“”চোলাৰ জেপতেই ৰাখিলোঁ নে
পেন্টৰ পকেটত ?””
ভাবি পৰিছো ।
ভালপোৱাৰ ঠিকনা বিচাৰি ভাগৰি পৰিছো ।