0 00 1 min 4 yrs 71

               হেৰা দেওবাৰে অকমান আৰাম কৰো দিয়া | কবলৈহে পালো |  টেকেলীয়া কোদো বাহত হাত দিয়া নিচিনা হ’ল |”আনৰ দেওবাৰ বুলি আৰাম কৰিবলৈ সময় থাকে | আমাৰহে দেওবাৰ-সোমবাৰ বুলি যে কিবা বাৰ  এটা আছে ভাবিবলৈ মগজুত ঠাইকণ আছে নে নাই পাহৰিলো | গেবাৰি খাটি খাটি বান্দীয়েনো  কি ভাবি পাৰ  পাম ” | বুজিবলৈ বাকী নাথাকিল আজি শেনৰ এজাত | কি গতি  হ’ব  ?
     যাইকি নহওঁক মাইকী মানুহৰ মনহে |  হ’ল বুলিয়েনো নিজৰ মানুহটোক তধ :গতি খোৱাকৈ গালি পাৰিব লাগে জানো ? ভাবি তেওঁ নিজৰ দৈনন্দিন কাম কৰাত লাগিল |  মোৰ কান দুখন গৰম হোৱাৰ পৰা ৰক্ষা পৰিল | মোবাইলটো অন কৰিলো | বা:হ facebook  ত স্ৱয়ং মুখ্য মন্ত্ৰীৰ post  “ধষৰ্ণকাৰীক শাস্তি দিবৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰা হ’ব | ” সঁচাকৈ মুখ্য মন্ত্ৰীয়ে আইন কৰি এই কাণ্ডবিলাক বন্ধ কৰিব পাৰিব জানো  ? 
       হঠাত আকৌ শ্ৰীমতী মাত ” মই কোৱা কাম কেইটা কৰিব নে সেইডালৰ লগত পিৰিতি  কৰি থাকিব |”
        মনলৈ সাহস আনি কলো ,. সপ্তাহটো দেখোন কাম কৰি কৰি ঘৰ খন নিৰহ-নিপানিকে চলাই আছো | আজি কোনো ঘৰুৱা কাম নকৰো | মোবাইল বাৰু নিপিতিকো  টি. ভি টোকে চাওঁ | ৰাতিপুৱাই ৰাতিপুৱাই ধৰ্ষণ নিউজটোতহে চকু পৰিল | পাঁচ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা  তিনি যুৱক ধৃত., তাৰে দুজন নাবালক বুলি সন্দেহ কৰা হৈছে | টি. ভি. ত কি চাইছো শ্ৰীমতীয়ে কেৰাহীকৈ চাওঁতেই দেখিলে নহয় নিউজটো | “হে’ৰি সেই একেসোপা বাতৰিকে যে চাই আছে | মতা মানুহবোৰে নাৰী নিৰ্যাতন চাই অৱচেতন মনটোক বেলেগ তৃপ্তি দিয়ে মই নাজানো বুলি ভাবিছে নেকি. ” ? এওঁ আজি কিবাএটা হৈছে যেন পাঁও | আনকাল এনেকৈ টিকচি-বিকচি নকৰে দেখোন  | মনে মনে থকাই ভাল | চেনেলটো সলনি কৰি দিহানামৰ প্ৰগেমটো চালো | মন জুৰ পেলোৱা সুন্দৰ  ! 
        শ্ৰীমতীয়েও পুৱা সদ্যস্নাতা হৈ মৰমৰ দ্বিতীয় পিয়লা চাহ লৈ হাজিৰ. | ঘৈণীক  ভাালৰি লগাবলৈ কলো ,  হে’ৰা তোমাক বৰ সুন্দৰ দেখাইছে | ক’বলৈহে পালো. মন জুৰ পেলাই ক’লে সচাঁ কৈয়েনে  ? মোবাইল টি ভি. ত দেখা কেইজনীত কৈয়োনে  ? ময়ো কম নহয় তপৰকৈ কৈ দিলো  সেইবোৰ  হ’ল চকু বিলাস তুমি হোৱা অন্তৰৰ গোলাপ |
        মোৰ কাষতে গাত গা লগাই বহি ক’লে  | “জানা আজি কেইদিনমানৰ পৰা মোৰ মূৰটো গৰম হৈ থাকিবলৈ ধৰিছে | কেৱল চাৰিওফালে কনমানি জনীৰ পৰা আইতা জনীলৈকে ধৰ্ষণ বলাৎকাৰ মই চুইচাইড কৰি দিওঁ দিওঁ যেন লাগে | নহলে এটা কাম কৰি দিয়া নেকি কোনোবা বিজ্ঞানীক কৈ মতা মানুহক লগা বস্তুটো আমাৰ দেহৰ  পৰা  নাাইকীয়া কৰি দিয়ক |”   তেওঁ ফেঁকুৰি ফেঁকুৰি  চিঞৰি চিঞৰি কান্দিবলৈ লাগিল |তেওঁক বিছনাত নি শুৱাই দিলো |প্ৰেচাৰ দেখোন একেবাৰে ল’ | ভতিজা টোক মাতিলো খুড়ীয়েৰ কিবা এটা হৈছে চাচোন | গাত মিঠা তেল মালিচ কৰি দিয়া পিছত হাত ভৰি বোৰ অলপ গৰম হ’ল | তেওঁ মুখত যি টি শব্দ  | ভুল বকিবলৈ ধৰিছে  |
     “এই মোবাইলটোৱেই য’ত  কোটৰ ঘাই , পিলিঙাবোৰে মোবাইলত নাঙঠ  ছোৱালীৰ ফটো চাই চাই ইটিয়ে -সিটিৰ লগত লগত চুপতা-চুপতি কৰি মহিলাক দেখিলেই বোলে  জাপ মাৰি উঠে |” অলপ পৰ টলকা মাৰি আকৌ আৰম্ভ কৰিলে  আগতে বোলে কি কয় মোবাইলত ৰিঙটনৰ মাত ডাঙৰকৈ থাকে | আজিকালি বোৰে ভাইব্ৰেচন নে কি দি থয়  | পেণ্টৰ জেপত ভাইব্ৰেচন হোৱাৰ লগে লগে সেই যে আমাৰ ঘৰত কাম কৰা পোন্ধৰ / ষোল্ল বছৰীয়া কেইটা. ইটাভাটাত থকা কেইটা কি যে হয় ইটোৱে সিটোক গবা মাৰি ধৰে যেন কৰে |
      ভতিজাটোৱে পানী এগিলাছ খোৱাই দিয়া পিছত  বিচনাতে বহিল |আৰামৰ দেওবাৰ আজি হাৰাম হ’ল | মানুহজনী জিকাৰ মাৰি জিকাৰ মাৰি উঠিছে | আকৌ চিঞৰ মাৰিবলৈ  ধৰিলে সোনটো পোনাকন ঐ তই কলৈ গলি | দেওবাৰে সোনটো জিমলৈ যায় |সি ঘুৰি আহি মাকৰ অৱস্থা দেখি তথৈবচ , কি হৈছে তত ধৰা আগতেই  মাকে গোটেইজনী আউলি-বাউলি হৈ পুতেকক গবা মাৰি কবলৈ ধৰিলে মোৰ মূৰত ধৰি শপত খা. ,হেৰি এইপিনে আহক. মইয়ো ওচৰ চাপি গলো |ধৰ এইখন হাত মোৰ মূৰৰ ওপৰত সিখন বাপেৰৰ মূৰত থ | ক , মই শপত খাই কৈছো যে কেতিয়াও কোনো কাৰণতে মই নাৰীক বেয়া কৈ নাচাওঁ |সদায় মোৰ মাৰ নিচিনাকৈ শ্ৰদ্ধা কৰিম | মা কাৰণেই মই এই  সুন্দৰ জীৱন লাভ কৰিলো | মা মানেই মহিলা. মহিলা মানেই প্ৰকৃতি. প্ৰকৃতি নহলে পৃথিৱী নাথাকে | মই শিল পৰা কপৌচৰাইটো দৰে   হলো || ঘৰৰ ভিতৰত সোমাই গাঁৱৰ চাৰি চুক নজনা মানুহজনীয়ে নে এইজনী !
       ভতিজাটো অবাক!  ডাক্তৰকে মাতো নি ,  সি মোক আকাৰে ঈঙ্গিতেৰে সুধিলে |  ঈঙ্গিতেৰে অলপ সময় ধৈৰ্য্য ধৰিবলৈ কলো | এইবাৰ আমাৰ তিনিটাক উদ্দেশ্য কৰি কবলৈ ধৰিলে |তোমালোকে কিবা এটা কৰা নহলে সচাঁকৈ কৈছো মই চুইচাইড্ কৰিম | গাড়ী দ্ৰাইভাৰ  দৰে নিদিষ্ট বয়সতে  মোবাইল লবৰ পৰা এখন আইন বনাবলৈ ক | আইন অমান্য কৰা দোকানী  গ্ৰাহক কোনো যাতে হাৰি যাৱ নোৱাৰে | পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ গাঁও বুঢ়া অঙনৱাদী সকলোকে জড়িত কৰি  ক্লাচ এইটতে এৰি দিয়া কেইটাকো কিবা এটা কৰ | সিহঁতে বহুত কথাই নাজানে অ’ | ফাঁচী দিয়া কথা নকবি অ  ‘ ৰক্তবীজৰ দৰে ওলাই থাকিব  | সিহঁতো মোৰ সোনটো নিচিনাই 
          তেওঁ এইবাৰ ফোপাবলৈ  ধৰিলে | আইন লাগে পিচে আইনে একো কৰিব নোৱাৰে অ’ বহুত আইন দেখিছো | তহঁতি ৰাজনীতি নকৰিবি আকৌ মোৰ কথাবোৰক লৈ , তেওঁৰ মাতবোৰ অস্পষ্ট হবলৈ ধৰিলে  || গাড়ীখন উলিয়াই ডাক্তৰৰ ওচৰলৈ নিবলৈ ওলালো  | এইবাৰ মোৰ ওপৰত.   সোনটোৰ গালি , মাৰ কিবা এটা হলে তোমাকো সুদাই নেৰো |   

Leave a Reply

Your email address will not be published. Required fields are marked *