0 00 1 min 4 yrs 221

অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষাসমূহৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে আমি সম্পূৰ্ণৰূপে দায়বদ্ধ। এই লক্ষ্যৰে গুৱাহাটীত অসম সাহিত্য সভাকে ধৰি ২২টা বিভিন্ন খিলঞ্জীয়া তথা জনজাতীয় সাহিত্য সভাৰ প্ৰতিনিধিবৰ্গৰ সৈতে  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বৈঠক ।

অসম চৰকাৰৰ “ভাষা গৌৰৱ আঁচনি”ৰ অধীনত বিভিন্ন জাতি-জনগোষ্ঠীৰ সৰ্বমুঠ ১,০০০ গৰাকী নতুন লেখক-লেখিকাক উৎসাহিত কৰাৰ বাবে এককালীন ৫০,০০০ টকাকৈ উদগনিমূলক সাহায্য ঘোষণা কৰে। সাহিত্য সভাসমূহে এই লেখক-লেখিকাসকলক নিৰ্বাচিত কৰিব বুলি জানিবলৈ দিয়ে ।
লগতে আৰু কয় যে
“অসমীয়াকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষাসমূহৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে অসম সাহিত্য সভাক ১০ কোটি, বড়ো সাহিত্য সভাক ৫ কোটি আৰু অন্যান্য জনজাতীয় সাহিত্য সভাসমূহক ৩ কোটি টকাকৈ Corpus Fund হিচাপে দিয়া হ’ব বুলি আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয়।
আহক, আমি সকলোৱে মিলি মাতৃভাষাসমূহৰ গৌৰৱ অক্ষুণ্ণ ৰাখি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰি যাওঁ।”

Leave a Reply

Your email address will not be published. Required fields are marked *