0 00 2 min 2 yrs 36
১. চুৰ কৰা মহাপাপ । – বুদ্ধদেৱ।
২. সত্যৰ সদায় জয় । – মহাত্মা গান্ধী।
৩. অহিংসা পৰম ধৰ্ম । – মহাত্মা গান্ধী।
৪. সময়েই ধন ৷ – বেঞ্জামিন ফ্ৰেঙ্কলিন।
৫. শিক্ষাই জীৱন, জীৱনেই শিক্ষা ৷ – লজ।
৬. চৰিত্ৰ মানুহৰ আচল সম্পত্তি। – মাইলচ।
৭. শিক্ষাই মানুহৰ শ্রেষ্ঠ সম্পদ। – চক্রেটিজ।
৮. উপদেশতকৈ আৰ্হি ভাল । – হজৰত মহম্মদ।
৯. ভূল জনাতকৈ নজনাই ভাল । – শ্বেক্সপীয়েৰ।
১০. শিক্ষা হৈছে সঞ্জীৱনী অমৃত । – জাকিৰ হুচেইন।
১১. জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই । – যীশুখৃীষ্ট।
১২. দেশতকৈ মোমাই ডাঙৰ নহয়। – লাচিত বৰফুকন।
১৩. নেতাৰ ভুলত দেশ ধ্বংস হয় । – ইন্দিৰা গান্ধী।
১৪. নিৰক্ষৰতা মানেই জ্ঞানহীন নহয়। – ৰবীন্দ্ৰনাথ ঠাকুৰ।
১৫. ধৈৰ্য্যৰ স্বাদ অতি তিতা কিন্তু তাৰ ফল অতি সুমিষ্ট । – ৰুছো।
১৬. নোৱাৰা শব্দটো মুৰ্খৰ ভঁৰালত থাকে । – আব্ৰাহাম লিংকন।
১৭. যি মূলা বাঢ়ে তাৰ দুপাততে চিন । – ডঃ বানীকান্ত কাকতি।
১৮. সুখ কাৰো চিৰকলীয়া নহয় । – কমলাকান্ত ভট্টাচাৰ্য্য।
১৯. নিজক জ্ঞানী বুলি ভবা জনেই হল আচল মুৰ্খ । – ভল্টেয়াৰ।
২০. পাপক ঘিণ কৰিবা পাপীক ঘিন নকৰিবা । – যীশুখৃীষ্ট।
২১. বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ । – ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ।
২২. যি নিজস্বক হেৰুৱাই তেওঁ সকলো হেৰুৱাই । – মহাত্মা গান্ধী।
২৩. মানুহৰ হাতত অহিংসা শক্তিয়েই সৰ্বশ্ৰেষ্ঠ শক্তি । – মহাত্মা গান্ধী।
২৪. হিংসা এনে পাপ যি পাপৰ প্ৰায়চিত্ত নাই । – হজৰত মহম্মদ।
২৫. পৰিবৰ্তনশীল জগতত পৰিবৰ্তনেই সত্য। – লক্ষ্মীনাথ বেজবৰুৱা।
২৬. যি চাকি নিজেই নজ্বলে আনক জ্বলাব কেনেকৈ । – সৰ্ব্বপল্লী ৰাধাকৃষ্ণন।
২৭. শিক্ষা নথকা মানুহ এজন শুকান কাঠৰ দৰে । – হজৰত মহম্মদ।
২৮. কুসংষ্কাৰ হল পৃথিৱীৰ সৱাতোকৈ ডাঙৰ বোজা । – সৰ্বপল্লী ৰাধাকৃষ্ণণ।
২৯. খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু । – মহাত্মা গান্ধী।
৩০. মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে । – বুদ্ধদেৱ।
৩১. শিক্ষিত হবলৈ হলে সকলো বিষয়তে জ্ঞান থাকিব লাগিব । – সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ।
৩২. অহিংসা আৰু প্ৰেমৰ পথ অনুসৰন কৰিলেহে শান্তি আহিব । – মহাবীৰ।
৩৩. কাৰো অন্যায় নকৰিবা, মিছা কথা নকবা, হিংসা নকৰিবা । – বুদ্ধদেৱ।
৩৪. সুন্দৰৰ আৰাধনা জীৱনৰ খেল । – চন্দ্ৰ কুমাৰ আগৰৱালা।
৩৫. যাৰ ধৈৰ্য্য আছে তেওঁ বিচৰা বস্তু সকলো পাব পাৰে । – ফ্ৰেংকলিন।
৩৬. মৰমে ভাঙিব নোহোৱা ব্যৱধান একো নাই । – মহাত্মা গান্ধী।
৩৭. আনক কোৱাতকৈ নিজে কৰাটো ভাল । – ব্ৰাউন্ড ৰাছেল।
৩৮. আমি যি কাম কৰো সেয়াই পৰম পিতাৰ কাম। – স্বামী বিবেকানন্দ।
৩৯. আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্র গঠন হয়। – আনন্দ চন্দ্র আগৰৱালা।
৪০. ভাষাৰ বাপেক ভাৱ আৰু ককাক জ্ঞান। – কমলা কান্ত ভট্টাচার্য্য।
৪১. উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয় ৷ – মেথিউ।
৪২. যি নিজৰ দেশক ভাল নাপাই সি একোকে ভাল নাপায়। – বাইৰণ।
৪৩. যি নিজৰ দেশক ভাল নাপাই সি একোকে ভাল নাপায়। – বাইৰণ।
৪৪. জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ ৷ – এমাৰছন।
৪৫. এটা বন্দুকৰ গুলীতকৈ এটোপাল চিঞাহীৰ মূ্ল্য বেছি। – চেইন্ট টেৰেজা।
৪৬. কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে ৷ – বেইলী।
৪৭. যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস কৰিব নোৱাৰি । – প্লেটো।
৪৮. এজন অবিশ্বাসী বন্ধুতকৈ এজন বিশ্বাসী শত্ৰুই ভাল । – নেপলিয়ন।
৪৯. এজন অসৎ লোকৰ লগত ফুৰাতকৈ অকলে ফুৰাই ভাল । – হজৰত মহম্মদ।
৫০. অন্ন বস্ত্ৰ ইশ্বৰ প্ৰাপ্তিৰ বস্তু নহয় ভক্তিয়েই একমাত্র পথ । – শংকৰদেৱ।
৫১. বিৰহৰ এটোপাল চকুলো মিলনৰ হাজাৰ আনন্দতকৈ মহান । – হোমাৰ।
৫২. শ্ৰদ্ধাৰে মানুহে কি কৰিব নোৱাৰে, সমস্তই কৰিব পাৰে । – মহাত্মা গান্ধী।
৫৩. শিক্ষক এডাল মমবাতিৰ দৰে যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে । – চক্ৰেটিছ।
৫৪. যিমান পাৰা সিমান আগবাঢ়ি গৈ থাকা এয়েই ঈশ্বৰৰ বাণী । – ডঃ বানীকান্ত কাকতি।
৫৫. জীৱনক সত্য সুন্দৰ আৰু মঙ্গলময় কৰাই মানৱ আত্মাৰ চৰম উদ্দেশ্য । – নীলমণি ফুকন।
৫৬. পৰিস্থিতিয়ে মানুহ সৃষ্টি নকৰে মানুহে পৰিস্থিতিৰ সৃষ্টি কৰে । – জৱাহৰলাল নেহৰু।
৫৭. অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয় । – হেম বৰুৱা।
৫৮. যি জনে মানুহৰ চিন্তা কৰিব নাজানে তেওঁ জীয়াই থাকিব নাজানে । – ভল্টেয়াৰ।
৫৯. মানুহ এদিন মৰিবই লাগিব, দোষ কৰি মৰাতকৈ বিনাদোষে মৰা বেছি ভাল। – চক্ৰেটিছ।
৬০. ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰন কৰাই শ্ৰেয় । – মহাত্মা গান্ধী।
৬১. প্ৰকৃত শিক্ষাই মানুহৰ মৰ্য্যদা বঢ়ায় তদুপৰি ই আত্ম সন্মানো বৃদ্ধি কৰে । – এ. পি. জে. আব্দুল কালাম।
৬২. সিদ্ধান্ত লব নোৱাৰা মানুহতকৈ দূৰ্ভগীয়া আন কোনো নাই । – উইলিয়াম জেমছ।
৬৩. পৃথিৱীৰ আটাইতকৈ বেয়া কাম হল আনৰ সুনাম নষ্ট কৰা । – ৰামকৃষ্ণ পৰমহংস।
৬৪. মই ইয়াত কতো হিন্দু বা মুছলমান দেখা নাই, যি দেখিছোঁ সেয়া মাত্র মানুহ । – গুৰুনানক।
৬৫. মৃত্যুতকৈ কষ্টেৰে জীয়াই থাকিবলৈ বেছি সাহসৰ প্ৰয়োজন । – নেপোলিয়ন।
৬৬. জীৱনত যি জনে এবাৰ বিশ্বাসঘাতকতা কৰিছে তেওঁক কেতিয়াও বিশ্বাসত নলবা । – শ্বেক্সপীয়েৰ।
৬৭. নিজৰ ভৰিৰ ওপৰত থিয় হবলৈ শিকা, তেতিয়াহে সংসাৰ ভাল পাব পাৰিবা । – স্বামী বিবেকানন্দ।
৬৮. দুখত ভাগি পৰাজনে ভালদৰে চিন্তা কৰিব লাগে যে দুখৰ পিছত সুখ অহাটো নিশ্চিত । – বুদ্ধদেৱ।
৬৯. ক্রোধ মানুহৰ প্রধান শত্রু। ক্রোধ কৰা মানুহে যুদ্ধৰ বাহিৰে অন্য কামত ভাগ লব নোঁৱাৰে। – বাইবেল।
৭০. সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে। – মহাত্মা গান্ধী।
৭১. অকণমান সাহসৰ অভাৱতেই পৃথিবীৰ বহুতো প্রতিভাৰ অপচয় ঘটে। – ছিডনি স্মিথ।
৭২. যি মানুহৰ ধৈৰ্য শক্তি আছে, তেওঁৰ অসাধ্য একোৱে নাই ৷ – বেঞ্জামিন ফ্ৰেংকলিন।
৭৩. মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে – জৱাহৰলাল নেহৰু।
৭৪. আমি যি জানো সি অতি সামান্য ৷ আমি যি নাজানো তাৰ সীমা নাই ৷ – পাৰলেচ।
৭৫. কোনোৱে তোমাক সহায় কৰিব নোৱাৰে ৷ নিজেই নিজৰ সহায় লোৱা ৷ – বুদ্ধদেৱ।
৭৬. ভালভাৱে জীৱন যাপন কৰিব বিচাৰিছা যদি সত্যক আকোঁৱালি লোৱা ৷ – প্লেটো।
৭৭. ক্রোধ মানুহৰ প্রধান শত্রু। ক্রোধ কৰা মানুহে যুদ্ধৰ বাহিৰে অন্য কামত ভাগ লব নোঁৱাৰে। -বাইবেল।
৭৮. সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে। – মহাত্মা গান্ধী।
৭৯. অকণমান সাহসৰ অভাৱতেই পৃথিবীৰ বহুতো প্রতিভাৰ অপচয় ঘটে। – ছিডনি স্মিথ।
৮০. প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা ৷ – মাৰ্গাৰেট বুনেন।
৮১. জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ’বলৈ শিকা ৷ – জুলিয়েট বেষ্টিয়েনা।
৮২. বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, সেৱাৰ ফল শান্তি ৷ – মাদাৰ টেৰেছা।
৮৩. বেদনাই হ’ল প্ৰেমৰ সৰ্বোচ্চ উপহাৰ ৷ – কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ।
৮৪. তুমি য’লৈকে নোযোৱা কিয় বিলোৱা মাথোঁ প্ৰেম আৰু প্ৰেম ৷ – মাদাৰ টেৰেছা।
৮৫. প্ৰেমৰ আনন্দ অতি ক্ষণস্থায়ী, চিৰস্থায়ী প্ৰেমৰ বেদনাহে ৷ – ৰবীন্দ্ৰনাথ ঠাকুৰ।
৮৬. প্ৰতিকূলতাৰ বিৰুদ্ধে গৈ সম্পন্ন কৰা কামখিনি সচাঁই বৰ মধুৰ ৷ – উইলিয়াম শ্বেইক্সপীয়েৰ।
৮৭. মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম ৷ – নেতাজী সুভাষ চন্দ্ৰ বসু।
৮৮. নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা ৷ – বেঞ্জামিন ফ্ৰেংকলিন।
৮৯. জাৱৰ সাৰিলে ঠাই যি দৰে পৰিস্কাৰ হয় তেনেকৈ নিজৰ ভুল স্বীকাৰ কৰিলে মন শুদ্ধ হয় । – হেম বৰুৱা।
৯০. সকলো বস্তু কিনিছা কিনা। পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা। – যতীন্দ্র নাথ দুৱৰা।
৯১. যাৰ দুই চকু নাই তেওঁ অন্ধ নহয়, যিজনে নিজৰ দোষ ঢাকি ৰাখি আনৰ দোষ খুচৰি ফুৰে তেওঁয়েই প্ৰকৃত অন্ধ । – মহাত্মা গান্ধী।
৯২. এখন সমাজ সুচাৰুৰূপে পৰিচালিত হবলৈ লাগে – অফুৰন্ত কৰ্ম শক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ । – ৰাজা ৰামমোহন ৰায়।
৯৩. লোকৰ দোষ ধাৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক নিৰ্দোষী কৰাটো তাতোকৈ বুদ্ধিমানৰ কাম”। – মহাত্মা গান্ধী।
৯৪. যি মানুহে নামমাত্ৰও আনৰ কথা চিন্তা কৰিব নোৱাৰে, তেওঁৰ জীৱনৰ কোনো অৰ্থ নাই ৷ – মণ্টেইন।
৯৫. যিটো জীৱনক প্ৰেমে প্ৰেৰণা দিয়ে , জ্ঞানে পথ দেখুৱাই , সেইটোৱেই হ’ল ভাল জীৱন ৷ – বাৰ্ট্ৰাণ্ড ৰাছেল।
৯৬. অতি সাধাৰণ যেন লগা দৈনন্দিন জীৱনৰ সৰু সৰু ঘটনাৰাজিয়েই হ’ল জ্ঞানৰ প্ৰকৃত উৎস ৷ – জেমছ এলেন।
৯৭. সকলো বস্তু কিনিছা কিনা। পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা। – যতীন্দ্র নাথ দুৱৰা।
৯৮. নীৰৱতা হ’ল জীৱনৰ এক অমূল্য বস্তু, যাৰ ভিতৰত বহু বস্তুৱে জন্মলাভ কৰে – থমাছ কাৰ্লাইল।
৯৯. চৰিত্ৰবান মানুহ পবিত্র জলৰ নিচিনা, সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে । – সত্যনাথ বৰা।
১০০. আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ’ব তুমি নাজানা ৷ – হজৰত মহম্মদ।
১০১. আন্ধাৰ আঁতৰাবলৈ যিদৰে পোহৰৰ প্ৰয়োজন তেনেদৰে ঘৃণা আঁতৰাবলৈ প্ৰয়োজন প্ৰেম ৷ – মাৰ্টিন লুথাৰ কিং।
১০২. পৰিস্থিতি যিমানেই ভয়লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত ৷ – পিয়েৰ টেলহাৰ্ড।
১০৩. যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভূল কৰা নাই ইয়াৰ অৰ্থ হ’ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই ৷ – এৰিষ্ট’টল।
১০৪. জীৱনটো এক মহৎ উপহাৰ ৷ যিসকলে জযৱনক ভাল নাপায় সেইসকলে এই উপহাৰ গ্ৰহণৰ অনুপযুক্ত ৷ – ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ।
১০৫. ব্যক্তিগত অভিজ্ঞতা অবিহনে মানুহে বহুতো প্ৰকৃত সত্যৰ সম্পূৰ্ণ অৰ্থ কেতিয়াও হৃদয়ংগম কৰিব নোৱাৰে ৷ – জন ষ্টুৱাৰ্ট মিল।
১০৬. সত্যৰ মুখামুখি হ’বলৈ ভয় নকৰিবা, যি কাপুৰুষ তেওঁহে সত্যৰ মুখামুখি হ’ব নোৱাৰে ৷ – মহাত্মা গান্ধী।
১০৭. বহু কথা জনা জনকেই জ্ঞানী বুলি নকয় ৷ জনা কথাক যথাযথ প্ৰয়োগ কৰিব পৰা জনহে জ্ঞানী ৷ – লেনিন।
১০৮. ইচ্ছাশক্তি প্ৰৱল হ’লে জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে ৷ – মেকিয়াভেলে।
১০৯. মানুহৰ এই জীৱন অনন্ত আৰু প্ৰেম অমৰ ৷ কিন্তু মৃত্যু ? আমাৰ দৃষ্টিৰে ঢুকি পোৱা দিগন্তই হ’ল মৃত্যু ৷ – ৰজিটাৰ ৰেমণ্ড।
১১০. সুযোগবোৰ কঠিন কাৰ্যৰ ৰূপ ধৰিহে দেখা দিয়ে ৷ সেয়েহে এলেহুৱা লোকে সুযোগ বৰকৈ হেৰুৱাই ৷ – টমাচ আলভা এডিচন।
১১১. কৰো বুলি কোনেও প্ৰতিভাৰ সৃষ্টি কৰিব নোৱাৰে ৷ ইয়াক কেৱল সঠিক পথেৰে আগুৱাই নিবহে পাৰি ৷ – এইছ জি ৱেইলছ।
১১২. প্ৰেম তেওঁৰ স’তে কৰিবা যাক তুমি ভালপোৱা ৷ কিন্তু বিবাহত তেওঁৰ স’তেহে বহিবা, যিয়ে তোমাক ভালপায় ৷ – আৰবীয় প্ৰবাদ।
১১৩. সৰু বুলি কাকো অৱহেলা নকৰিবা ৷ তুমি সৰু বুলি উলাই কৰা বস্তু এটাই তোমাক কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰে ৷ – গ্যেটে।
১১৪. নিজৰ পাৰদৰ্শিতা বৃদ্ধি কৰিবলৈ অসম্ভৱ বুলি জনা কামো কৰিবলৈ আগুৱাই যাবলৈ কুণ্ঠাবোধ নকৰিবা ৷ – আব্ৰাহাম লিংকন।
১১৫. ডাঙৰ আৰু যথেষ্টসৎখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হ’ব নোৱাৰে ৷ – উইলিয়াম শ্বেইক্সপীয়েৰ।
১১৬. আমি অনুভৱ কৰিব পৰা আটাইতকৈ সুন্দৰ বস্তুটো হ’ল ৰহস্য ৷ সকলো প্ৰকৃত কলা আৰু বিজ্ঞানৰ ইয়ে হ’ল উৎস ৷ – এলবাৰ্ট আইনষ্টাইন।
১১৭. নিজক সদায় আনন্দত ৰাখিবা ৷ আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন, দুৰ্বল, নিৰুৎসাহী মানুহৰ বাবে নহয় ৷ – ওমাৰ্চন।
১১৮. এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই ৷ সচাঁকৈয়ে ! তাতকৈ অন্য ধৰণৰ হোৱাটো বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ ? – এমাৰ্চন।
১১৯. মানুহৰ মন সদায় একে ঠাইতেই থাকে ৷ কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে ৷ – কবি জন মিল্টন।
১২০. খং নকৰিবা নিজৰে সৰ্বনাশ হ’ব ৷ অহংকাৰ নকৰিবা পতন হ’ব, কাকো ঘৃণা নকৰিবা , নিজেও ঘৃণিত হ’বা , ফাঁকি নিদিবা , ফাঁকত পৰিবা ৷ – বিবেকানন্দ৷
১২১. এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ’ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভূলৰ পৰাই সদায়েই শিক্ষা লৈ আগবাঢ়ে – ডেল কাৰ্নেগী৷
১২২. প্ৰেম হৈছে এনে এক জীৱনপুষ্প যি প্ৰস্ফুটিত হয় অভাৱনীয়, অপৰিকল্পিতভাৱে, কোনোৱে নজনাকৈয়ে, প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰি ৷ – ডি এইছ লৰেঞ্চ।
১২৩. আমি জীৱনটো ভাল পাওঁ এই কাৰণেই কাৰণ আমি প্ৰত্যেকেই প্ৰেমত অভ্যস্ত ৷ সকলো ধৰণৰ প্ৰেমতেই উন্মাদনা আছে আৰু আছে যুক্তি ৷ – নীৎসে৷
১২৪. মানুহৰ জন্ম হয় সফল হ’বলৈকে , ব্যৰ্থ হ’বলৈ নহয় ৷ আত্ম-বিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সোপান ৷ – প্ৰখ্যাত দাৰ্শনিক হেনৰি ডেভিদ থৰো৷
১২৫. আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা ৷ নিজে শুদ্ধ আৰু পবিত্ৰ হ’ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা ৷ – চক্ৰেটিচ।
১২৬. প্ৰতিকূলতাই কোনো কোনো মানুহক প্ৰায় ভাঙি দিয়ে , আকৌ এচাম মানুহ আছে , যিসকলে প্ৰতিকূলতাই ভাঙি পেলোৱাটো জীৱনৰ প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে ৷ – উইলিয়াম এডৱাৰ্ড৷
১২৭ সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপটে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে ৷ – অভিনয় শিল্পী মৰিচ চেভালিয়া৷
১২৮. তোমাৰ লক্ষ্য স্থান ক’ত ? সেইটো যদি ঠিক কৰিব নোৱাৰা, তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা ৷ তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব ৷ – লিটন।
১২৯. তুমি ভালেই কৰা বা বেয়াই কৰা মানুহে তোমাক সমালোচনা কৰিবই ৷ সেইবুলি সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ বহি থাকিবা নেকি ? – নেপ’লিয়ান বোনাপাৰ্ট৷
১৩০. কৰ্মশক্তিয়ে আমাক তিনিটা অতি ভয়ঙ্কৰ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰিব পাৰে – আলস্য, বদ অভ্যাস আৰু অভাৱ ৷ – ফৰাচী দাৰ্শনিক ভল্টেয়াৰ৷
১৩১. ভৱিষ্যতে আমি যি হ’ব বিচাৰো, সেয়া বৰ্তমান অৱস্থাৰ কাম-কাজে নিৰূপন কৰে ৷ সেইবাবে আমি কেনেকৈ কি কৰা উচিত সেইটো জনা দৰকাৰ ৷ – স্বামী বিবেকানন্দ।
১৩২. অতীত আৰু বৰ্তমানক লৈ তৰ্কত লিপ্ত হোৱাটোতকৈ অৰ্থহীন কথা আৰু একো নাই ৷ কাৰণ তাৰ পৰা আমি হেৰুৱাও আমাৰ বৰ্তমানক ৷ – উইনষ্টন চাৰ্চিল৷
১৩৩. আন্ধাৰ যিমান গভীৰ হ’ব, প্ৰভাতো সিমানেই উজ্বল হ’ব ৷ চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ’বই ৷ – জ্যোতি প্ৰসাদ আগৰৱালা৷
১৩৪. কোনো সমস্যাকে তোমাৰ ওপৰত কাহানিও প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা ৷ বৰং সমস্যাকহে তোমাৰ অধীৰ কৰা আৰু নি:শেষ কৰা ৷ – ড০ এ পি জে আব্দুল কালাম৷
১৩৫. জীৱনটোক বুজি পাবলৈ হ’লে পিছলৈ ঘূৰি চাব লাগিব সচাঁ কিন্তু জীৱন পথত আগুৱাই যাবলৈ হ’লে সদায় আগলৈহে দৃষ্টি ৰাখিব লাগিব ৷ -চোৰেন কিয়েকগাৰ্ড৷
১৩৬. আমি চৰাইৰ দৰে উৰিবলৈ শিকিছো, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছো সঁচা, কিন্তু এই পৃথিৱীত পৰস্পৰৰ স’তে ভাতৃৰ দৰে বসবাস কৰিবলৈ শিকা নাই ৷ – মাৰ্টিন লুথাৰ৷
১৩৭. আনে দেখা বস্তুবোৰ তুমিও দেখা , কিন্তু সেই বস্তুবোৰৰ বিষয়ে আনে চিন্তা নকৰা কথাবোৰ তুমি চিন্তা কৰা – তেতিয়া তুমি এটা নতুন বস্তু আৱিস্কাৰ কৰা ৷ – এলবাৰ্ট গিয়ৰগাই৷
১৩৮. এটা কথা মনত ৰাখিবা তুমি কি বা তোমাৰ কি আছে, তাৰ ওপৰত তোমাৰ সুখ নিৰ্ভৰ নকৰে ৷ তোমাৰ সুখ নিৰ্ভৰ কৰে তুমি কি চিন্তা কৰা তাৰ ওপৰতহে ৷ – ডেল কাৰ্নেগী৷
১৩৯. কাহানিও ধৈৰ্য আৰু সাহস নেহেৰুৱাব ৷ হতাশ নহ’ব কাহানিও, যদি হতাশো হয় তেন্তে সেই অৱস্থাতেই একাগ্ৰতাৰে যন্ত্ৰবৎ কাম কৰি যাব ৷ – বিখ্যাত ৰাজনীতিবিদ এডমাণ্ড বাৰ্ক৷
১৪০. মহৎ কাৰ্য সমাধা কৰা ব্যক্তিসকলৰ ফালে এবাৰ চোৱাচোন ৷ দেখিবা তেওঁলোকে দুডাল লাখুটিৰ সহায়ত আগবাঢ়ি গৈছে, এডাল হ’ল উদ্যোগী মন আৰু আনডাল আদৰ্শ ৷ – ছেমুৱেল বাটলাৰ৷
১৪১. গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰেই বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে ৷ – ভূপেন হাজৰিকা৷
১৪২. জীৱনৰ অন্য নাম সংগ্ৰাম ৷ সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ’ব নোৱাৰে ৷ সংগ্ৰাম বা সংঘাতৰ স’তে যুঁজি যুঁজি মানুহে যি সাহস , মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে ৷ – নেপোলিয়ন বোনাপাৰ্ট৷
১৪৩. জীয়াই থকাটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ’ল তুমি আঁতৰি যোৱাৰ পিছতো মানুহৰ মনত তোমাৰ কৰ্মৰাজি, আদৰ্শ জীপাল হৈ থকাতোহে ৷ কাল বলুকাত খোজ ৰাখি থৈ যোৱা সম্ভৱ মাথোঁ সুকৰ্মৰাজিৰ দ্বাৰাহে ৷ – লিঅ’টলষ্টয়৷
১৪৪. যি পাৰ হৈ গ’ল সেই অতীতলৈ আৰু উভতি নাচাবা ৷ কেৱল আগলৈ চোৱা আৰুঅসীম শক্তিৰে, অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া ৷ তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ’ব পাৰিবা ৷ – স্বামী বিবেকানন্দ৷
১৪৫. কৰ্মত সাফল্য লাভ কৰিবলৈ যি সকলে আগ্ৰহী তেওঁলোকে ইচ্ছাকৃতভাৱে হওক বা অনিচ্ছাকৃতভাৱে হওক পুৱাৰ পৰা গধুলিলৈকে একেৰাহে নিজৰ কামত লাগি থাকিব লাগিব ৷ – ছাৰ জছুৱা ৰেনল্ডছ৷
১৪৬. আন কিবা কৰিছেনে নাই সেই লৈ মূৰ ঘমোৱাতকৈ আমি নিজে কি কৰিছো সেইটোহে ভবা বেছি প্ৰয়োজন ৷ প্ৰত্যেকজন মানুহে নিজৰ কৰিবলগীয়া কাম কৰি গ’লেই দহৰ তথা দেশৰ সেৱা কৰা হ’ব ৷ – ৰাজা ৰামমোহন ৰায়৷
১৪৭. যিসকল মানুহৰ হাতত থাকে প্ৰচুৰ সময়, তেওঁলোকে কাম কৰিবলৈ কাহানিও সময় নাপায় ৷ অথচ যিসকল সদায় কামতেই ব্যস্ত হৈ থাকে তেওঁলোকৰ কিন্তু নতুন নতুন কাম কৰিবলৈ সময়ৰ অভাৱ নহয় ৷ – লৰ্ড চেষ্টাৰফিল্ড৷
১৪৮. তুমি যদি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা , তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায়েই কৰিবা ৷ সেয়া হ’ল কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰত আৰু কোনবোৰ তোমাৰ সাধ্যৰ অতীত ৷ – ফ্ৰান্সিছ থমছন৷
১৪৯. সাফল্য মানুহৰ জীৱনলৈ সৌভাগ্যক্ৰমে নাহে ৷ সফলতা লাভৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা, সাহস আৰু ত্যাগৰ ৷ কিন্তু এইসমূহতকৈও গুৰুত্বপূৰ্ণ বস্তুটো হ’ল কামৰ প্ৰতি নিষ্ঠা আৰু ভালপোৱা ৷ – মহান ফুটবলাৰ পেলে৷
১৫০. সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা, যদি তুমি সচাঁকৈয়ে সফল হ’ব বিচাৰিছা তেন্তে ক্ষন্তেক জিৰণি লোৱা আৰু ভাবা – তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা ৷ দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে ৷ – ডেভিদ ফ্ৰষ্ট৷
১৫১. এজন মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয়, তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছিকৈ আছে ৷ তাৰ প্ৰকৃত কাৰণ হ’ল জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্য্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে ৷ – ঋকবেদ৷
১৫২. তুমি যদি সদায় কেৱল বৰ্তমানৰ ওপৰত মনোযোগ নিবদ্ধ কৰিব পাৰা, তেন্তে তুমি এজন সুখী মানুহ হ’বা ৷ তুমি দেখিবা যে মৰুভূমিত জীৱন আছে, আকাশত তৰা আছে, জীৱনটো এটা উৎসৱ, কাৰণ আমি কেৱল এই মুহূৰ্তটোৰ কাৰণেহে জীয়াই আছো ৷ – পল ৰবচন৷
১৫৩. মই মোৰ নিজৰ বাবে আত্মবিশ্বাস, শক্তি আৰু ক্ষমতা বিচাৰি সদায় বাহিৰলৈ চাওঁ ৷ ভাবো অন্য কোনোবাই নহ’লেও উদাৰ এই প্ৰকৃতি বা ঈশ্বৰে সেয়া দিব ৷ কিন্তু শেষত দেখো যে সেইবোৰ অফুৰন্তভাবে ওলাই আহে মোৰ মন আৰু হৃদয়ৰ নিভৃততম কোণৰ পৰা ৷ – আন্না ফ্ৰয়েড৷
১৫৪. এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা ৷ ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰতো সেইদৰে ৰোগ হয় ৷ ব্যৱহাৰ কৰা চাবি যেনে চকচকীয়া , শ্ৰম কৰা শৰীৰো তেনে কটকটীয়া ৷ তুমি যদি সৰহদিন জীয়াই থাকিবলৈ মন কৰা তেন্তে বহি সময় নষ্ট নকৰিবা ৷ – ৰিচাৰ্ড৷
১৫৫. মই মাথোঁ জ্ঞানৰ অনুৰাগী ৷ জ্ঞানৰ বৃত্তিধাৰী মই নহয় ৷ সচাঁ কথাত মই মাত্ৰ জ্ঞানৰ আত্মবিনোদক অনুশীলনকাৰীহে ৷ যেতিয়া মানুহে সন্দেহ কৰিবলৈ শিকে , বিশেষকৈ নিজৰ মনৰ মাজত প্ৰতিপালিত বিশ্বাসক আৰু নিৰ্বিচাৰ ধৰ্মমত আৰু স্বত:সিদ্ধ বিষয়ত , তেতিয়াই দৰ্শনে পাতনি মেলে ৷ – গ্ৰীচৰ মহান দাৰ্শনিক ছক্ৰেটিছ৷
১৫৬. আপোনাৰ অভিজ্ঞতা, পাৰিপাৰ্শ্বিকতা আৰু বংশানুক্ৰমিক চৰিত্ৰই আপোনাক যি দিছে সেয়াই আপোনি ৷ ভালেই হওঁক, বেয়াই হওঁক নিজৰ বাগিচাৰ পৰিচাৰ্যা আপুনি নিজেই কৰিব লাগিব ৷ সুন্দৰ হওক বা অসুন্দৰেই হওক আপোনাৰ জীৱনৰ সংগীতৰ সুৰ আপুনিয়ে সৃষ্টি কৰি বাদ্যও নিজেই বজাব লাগিব ৷ – ডেল কাৰ্ণেগী৷
১৫৭. স্বীকাৰ কৰাত মোৰ লজ্জা নাই যে অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দ’ৰেই মোৰ শৈশৱ আৰু কৈশোৰৰ সময়ছোৱা পাৰ হৈছে ৷ কেতিয়াবা মই মজদুৰৰ কাম কৰিছো, কেতিয়াবা কাঠফলা কাম, কেতিয়াবা আকৌ মালবাহী নাৱৰ নাৱৰীয়াৰ কাম ৷ অতীত যিয়েই নহওক লাগি থকাৰ শক্তি থাকিলে মানুহৰ ভৱিষ্যত সুন্দৰ হৈ উঠে ৷ – আব্ৰাহাম লিংকন৷
১৫৮. প্ৰতিজন মানুহৰ মাজতেই আছে অসীম সম্ভাৱনা ৷ নিজৰ শক্তি – ক্ষমতাৰ ওপৰত আস্থা ৰাখিলে আৰু নিজৰ অন্তৰত চিৰ তাৰুণ্যৰ সোঁত বোৱাই ৰাখিলে মানুহে জীৱনত স্থিৰ কৰি থোৱা লক্ষ্যত উপনীত নোহোৱাৰ কোনো কাৰণ নাই ৷ নিজকে বাৰম্বাৰ এই কথাটোকেই ক’ব যে – এইটো নিৰ্ভৰ কৰে একান্তই মোৰ নিজৰ ইচ্ছা – অভিপ্ৰায়ৰ ওপৰত ৷ – ফৰাছী সাহিত্যত নোবেল বটাঁ বিজয়ী আঁদ্ৰে জিদ৷
১৫৯. কাকো প্ৰবঞ্চনা বা প্ৰতাৰণা নকৰিবা, কাকো অৱহেলাও নকৰিবা ৷ সাময়িক খং আৰু উত্তেজনাৰ বশৱৰ্ত্তী হৈ এনে কোনোধৰণৰ আচৰণ নকৰিবা যাৰ বাবে তুমি আনৰ দুখৰ কাৰণ হ’বলগা হয় ৷ মাকে যেনেকৈ নিজৰ সৰ্বস্ব দিয়ো সন্তানক ৰক্ষা কৰে, সেই মমতা আৰু কৰুণা তুমি নিজৰ হৃদয়ত বহন কৰাৰ প্ৰয়াস কৰিবা ৷ তোমাৰ বন্ধু বা পৰিচিতসকলৰ প্ৰতিয়েই নহয়, বিশ্বজগতৰ প্ৰতিটো জীৱৰ প্ৰতি নিজৰ হৃদয়ত বহন কৰিবা অহিংসা, দ্বেষহীন সহানুভূতি, প্ৰেম তথা কৰুণা ৷ – গৌতম বুদ্ধ৷
সংগ্ৰহ: আনাৰুত জামান

Leave a Reply

Your email address will not be published. Required fields are marked *