এজন কণ্ঠশিল্পীৰ হাঁহি-কান্দোন, সুখ-দুখ তথা বিভিন্ন ঘাত-প্ৰতিঘাতক লৈ নিৰ্মাণ হৈছে মুন্না আহমেদৰ “নিজানৰ গান” নামৰ অসমীয়া ছবিখন । মুন্না আহমেদৰ সুদক্ষ পৰিচালনাৰে নিৰ্মিত উক্ত ছবিখন ষ্টাৰকাষ্টৰ ফালৰপৰা চাবলৈ গ’লে নিঃসন্দেহ এখন বিগ বাজেটৰ অসমীয়া ছবি বুলিব পাৰি । জনপ্ৰিয় অভিনেতা যতিন বৰা বিকি আদিৰ উপৰিও আন বহুতো সুদক্ষ অভিনয় শিল্পীয়েও ছবিখনত দক্ষতাৰে অভিনয় কৰিছে । নিজানৰ গানত মূখ্য নায়িকাৰ ভূমিকাত আছে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ । স্বনামধন্য পৰিচালক মুনিন বৰুৱাৰ শক্তিশালী চিত্ৰনাট্য তথা সংলাপৰ ছবিখন প্ৰযোজনা কৰিছে ।
অসমীয়া ছবি উদ্যোগৰ পতনৰ সময়তে জুবিন গাৰ্গৰ মিছন চাইনাই এক নতুন আশাৰ সঞ্চাৰ কৰিলে । পৰবৰ্ত্তী সময়ত এখন এখনকৈ কেইবাখনো ছবিৰ নিৰ্মাণ হ’ল যদিয়ো এখনেয়ো মিছন চাইনাৰ দৰে সফলতা লাভ কৰিব নোৱাৰিলে । আশা কৰিছোঁ নিজানৰ গান এই ক্ষেত্ৰত ব্যতিক্ৰম হওক । অৰ্থাৎ জুবিন গাৰ্গৰ মিছন চাইনাৰ দৰেই নিজানৰ গান ছবিখনো অসমবাসী ৰাইজে আদৰি ল’ব ।
(অঞ্জন সন্দিকৈ)