0 00 1 min 1 yr 30
    সমীৰক মই মনৰ পৰা ভাল পাবলৈ লৈছিলো ৷ সমীৰৰ অবিহনে যেন এটা এটা পল মই জীয়াই থাকিব নোৱাৰিছিলো ৷ ভাল ভায় পেলাইছিলো তাক বহুত ৷ সি বাৰু মোক ভাল পাইছিলনে?
    দিনযোৰা প্ৰস্তাৱৰ অন্তত মই মোৰ উত্তৰ দিছিলো সিদিনা,মই আতুৰ হৈ পৰিছো অ তোমাৰ লগত একুৰা প্ৰাণৰ জুইৰ ওচৰত নিজক সমৰ্পণ কৰিবলৈ ৷ 
    মাঘ মাহতে আমাৰ বিয়াখন হৈছিল,তোমাক পাটৰ চোলাটোৰে বেচ ধুনীয়া কৰিছিল নে তোমাৰ বাবে চোলাটো ধুনীয়া হৈছিল?  
   মনত পৰিছে বৰকৈ… তোমাৰ বাৰু অলপো লাজ লগা নাছিলনে? বৰ নিলাজ তুমি, সমাজৰ সমুখত মোলৈ চিধাকৈ চই পেলাইছিলা ?  মোৰ কিন্তু লাজতে নাক ৰঙা-ক’লা হৈ পৰিছিল ৷ নোৱাবৰ সময়ত মোৰ প্ৰাণসখীক কাণত কাণ লগাই কৈছিলো – মাক কবা মোক অলপ মাহ-হালধীখিনি বেছিকৈ ঘঁহিবলৈ  ৷ কাৰণ মই সদায় এজনী নকন্যা হৈ থাকিব বিচাৰো, যাজ্ঞসেনী হৈ থাকিব বিচাৰো, মোৰ বৰ প্ৰিয় মাহ-হালধীৰ গোন্ধ ৷ কব নোৱাৰাৰ মাজেদিয়েই সিদিনা মোক সমীৰে মৰমৰে আবিৰ সানি পেলাইছিল ৷ জীৱনৰ সমস্ত ভাললগাবোৰ যেন মই সিদিনাই উপলব্ধি কৰিছিলো ৷ সিদিনা সমীৰেও মোক কৈছিল, তোমাৰ গাৰ হালধীৰ গোন্ধ কিন্তু বৰ গভীৰ, মোক সদায় দিবা তোমাৰ গালৰ হালধীয়া সপোনৰ সুবাস ৷ 
   ওহো, চাবা এজনী পখিলা হব, সমীৰে কয়-  ওহো এটা ধুনীয়া ভোমাৰা হব ৷ কি নাম থবা কোৱা না? ? ইফালে ঘৰত ধৰ ধৰ মাৰ মাৰ ৷ মাতৃত্বই মোক বৰকৈ চিঞৰিছিল ৷ সমীৰে কি কৰিব কি নকৰিব,চঞ্চল হৈ পৰিছিল লগত অলপমান ভয়… হয়তো মোক লৈ…
    কোঠাটোৰ পৰা নবজাত শিশুৰ বিননী ৷ “দেউতা ক’ত আছা তুমি?”
   বিশাল জনসমুদ্ৰৰ মাজৰ কোনোবাখিনিতে দৰৱবোৰ  চেদেলি ভেদেলি হৈ পৰি ৰ’ল ৷ নতুন সপোনটোৰ কি থম নাম? বিশৃংখল দৰৱৰ মাজতে তেজৰে লুতুৰি পুতুৰি হোৱা কোনোজনে মোক আৰু আমাৰ নতুন সপোনটোক চায় ৰৈছে ৷
     সিদিনাই যি মচিলো ৰঙা দাগ,  জোৰ জুলুমকৈ মচি দিয়ে মোৰ কপালৰ ৰঙা দাগ ৷ হৃদয়খনে বৰকৈ কান্দে ৷ গাৰ মাহ-হালধীৰ গোন্ধবোৰেও সিমানেই কান্দে ৷ আহাচোন আহা প্ৰাণৰ সপোন মোৰ পৰশলৈ আহা,  কি বুলি দিওঁ চিনাকি পিতৃৰ…
    মাইনাই দেউতা দেউতা বুলি কান্দিছে চোৱাচোন ৷
    বাৰীৰ চুকত যিমানেই বাঁহ ফুটিছিল, মাইনাই সিমানেই কান্দিছিল জানা ৷ আজিও ঘঁহো তোমাৰ নামত মা-হালধী কোনেও নজনাকৈ,তোমাৰ স্মৃতিত জীয়াই থাকোঁ এজনী নকইনা হৈ ৷ 
    আমাৰে মাইনা শুব এ,বাৰীৰে বগৰী ৰুব এ…   মাইনা স্কুললৈ গ’ল ৷ মা-হালধীবোৰ মোৰ গাত জীয়াই থাকোঁতেই কপালৰ সেন্দুৰকণ হেৰাই গ’ল ৷ মাইনাক কোনোবাই সুধে- তোমাৰ দেউতা নাই নেকি? 
   ক্ৰমশঃ তাই মোৰ চকুৰ পতা ক’লা হবলৈ লোৱা কুসিৎ চেহেৰাটোক দেখি কিবা এটা বুজিব পৰা হ’ল ৷ তাইও হয়তো মোক সুধিবলৈ ভয় কৰে,  মোৰ সচাকৈয়ে দেউতা নাই ন মা ?
     এতিয়াও কয়,মনৰ কিছুমান মানুহে, মাহ-হালধীবোৰ ঘঁহিবলৈ বাদ দে, নতুনকৈ কাৰোবাৰ লগত মাহ-হালধী ঘঁহ ৷ অন্ততঃ মাইনাই এজন দেউতাৰ নাম পাব, জীৱনটো সুন্দৰ হব তাইৰ ৷ মই কিয় নিজৰ ভালপোৱাক মোৰ মাইনাৰ বাবে কাৰোবাৰ ওচৰত বিক্ৰী কৰিম?মই কিয় সমীৰৰ নামত লোৱা মাহ-হালধীখিনিক অন্যজনৰ নামত বিক্ৰী কৰিম? মই সমীৰক ভাল পাইছিলো ৷ সাতজনমৰ প্ৰতিশ্ৰুতি লৈ বৰমাল্য পিন্ধাইছিলো ৷ মোৰ নিজা স্বাৰ্থপূৰণৰ বাবে কিয় মই মোৰ সমীৰক অন্যজনৰ ওচৰত বিক্ৰী কৰিম ৷ মাইনাক সমীৰৰ অবিহনে ডাঙৰ মানুহ কৰিব পাৰিমটো মই ৷ সমীৰৰ অসুখী মাক জনী মোৰ এতিয়া বহুত সাহস ৷ সাহসজনীক এৰি মই কেনেকৈ কাৰোবাৰ আপোন হওঁ? মই সচাকৈয়ে ঘঁহো মাহ-হালধী, সমীৰে মোক প্ৰথম ভালপোৱাৰ প্ৰস্তাৱ দিয়া দহপৃষ্ঠাযোৰা চিঠিখনৰ প্ৰত্যেকটো আখৰৰ লগত মই বিয়া হওঁ আজিও, সমীৰৰ বাবে মই আজিও সেই নকইনা হৈ থাকিব বিচাৰো ৷ সমীৰ কেৱল মোৰ আৰু মোৰ ভালপোৱা কেৱল সমীৰৰ বাবে … যাজ্ঞসেনী মই শুভ্ৰ ৰঙৰ চাদৰৰে আৱৰি ৰখা মই এগৰাকী বৈধৰ্ব্য নাৰী ৷ মাইনা আজি বৰটো হ’ল, বুজা হ’ল এতিয়া, তাইৰ জন্ম লোৱাৰ সময়তেই দোকানৰ পৰা দৰৱ আনিবলৈ যাওঁতে গাড়ীৰ খুন্দাত তেজাল হোৱা দেউতাকৰ বিষয়ে কোনোবাই সুধিলেও উচিত প্ৰত্যোত্তৰ দিব পৰা হ’ল ৷ মোৰ কোনো সংকা নাই এতিয়া কিন্তু এটা অনুৰোধ থৈ দিলো আপোনালোকলৈ কেতিয়াবা যদি মোৰ অজানীতে সমীৰ আহে মোৰ সমীপে তেতিয়া কিন্তু ৰং সানিবলৈ নিদিব কোনেও কাৰণ মই সমাজৰ বাবে এগৰকী শুভ্ৰ নাৰী,  সমীৰৰ নামত এই যাজ্ঞসেনীৰ কেৱল মাহ-হালধী ঘঁহাৰ হে অধিকাৰখিনি মোৰ আছে,কপালত সেন্দুৰ লোৱাৰ দ্বিতীয় অধিকীৰ মোৰ নাই ৷
    ▪️দিব্যজ্যেতি ৰাজখোৱা

Leave a Reply

Your email address will not be published. Required fields are marked *