0 00 1 min 4 yrs 206

আমি অসমৰ নতুন সুৰুয

পোহৰ বিলাম অসমীয়া জাতিক
হিংসা, বিদ্বেষ, কু-সংস্কাৰ আতৰ কৰি
শাস্তি বিহিম কলংক জাতি দ্ৰোহীক |
কপালৰ ঘাম মাটিত পেলায়
জাতিৰ হকে কৰিম কৰ্ম
বিদেশীয়ে অপচেষ্টা কৰিলেও
আমি বিভেদ নহও জাতি-ধৰ্ম |
মহাপুৰুষদ্ব শংকৰ-আজানৰ
দেশৰ সন্তান আমি
নানা জাতি, নানা ধৰ্মৰ লোক
থাকো সদায় মিলিজুলি |
কেতিয়াও নেভাৱো আপোন-পৰ 
হিন্দু-মুছলমান বুলি
হাড়ে হিমজুৱে আমি অসমীয়া
এজনে আনজনক লও আকোৱালি |
এম ৰইফুল হক
বদনী আখিয়া, মুকালমুৱা, নলবাৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *