0 00 1 min 4 yrs 111

সমগ্ৰ দেশতে উলহ-মালহেৰে উৎযাপন কৰা দেখা গৈছে ৰঙৰ উৎসৱ ফাকুৱা ।  ফাকুৱা মানেই ফাগুনৰ ৰং । ফাকুৱাৰ ৰঙে যেন ৰঙীন কৰি তুলে আমাৰ জীৱন । ফাকুৱা কেৱল ৰঙৰ উৎসৱেই নহয়, ই হৈছে ঐক্য সম্প্ৰিতীৰ উৎসৱ য’ত আমি শত্ৰুতা তথা ভেদাভেদ ভাৱ পাহৰি একতাৰ ডোলেৰে বান্ধ খাই আনন্দ-স্ফুৰ্তিৰ মাজত এক হৈ যাওঁ ।
বসন্ত মানে যেনেকৈ কপৌ ফুলৰ কথা মনলৈ আহে নাইবা শৰৎ আহিলে যেনেকৈ শেৱালী ফুলৰ সুগন্ধ নাকত লাগে, ঠিক সেইদৰে ফাগুন মানেই যেন ফাকুৱাৰ ৰঙ। ফাগুনৰ লগত ফাকুৱাৰ এৰাব নোৱাৰা সম্পৰ্ক। সেয়ে গালে মুখে ৰং সানি পূৰ্ণ যৌৱনা গাভৰুৰ দৰে জকমক হৈ সাজি-কাচি  ফাগুনে ৰঙৰ উৎসৱ ফাকুৱাক আদৰি আনে ।

ৰিমঝিম গগৈ
হাজো

Leave a Reply

Your email address will not be published. Required fields are marked *