0 00 1 min 3 yrs 147
মিছ অনিন্দিতা পৰাশৰ
হঠাত চিটি বাছৰ পৰা নামোতেই
বিশাল মাৰ্কেটৰ চিৰিত দেখা হৈছিল তোমাৰ সৈতে।
অহ চ’,,,,চ’ৰি,,,,,
মিচেছ পৰাশৰ আপোনাৰ সৈতে ।
আপোনাৰ পলাশ ৰঙী উজ্বল 
হাঁহিৰ ওচৰত আত্মসমৰ্পণ কৰিছিল
মোৰ স্তম্ভিত, নিষ্প্ৰভ হাঁহিয়ে।
আপুনি অতীৱ সুন্দৰী আছিল  বাবেই
মই আপোনাৰ প্ৰেমত পৰিছিলো চাগৈ ।
সৌ তাহানিতেও দুচকুত কাজল ল’লে 
আপোনাক ধুনীয়া দেখিছিলোঁ।
আৰু আজিও দেখোঁ ।
প্ৰথমবাৰ চকুৰ চেলাউৰি থ্ৰেডিং কৰোঁতে অপূৰ্ব দেখাইছিল আপোনাক।
মোৰ বাবে আছিল আপুনি এপাহ ধুনীয়া জ্যোতি ফুল।
আৰু আজি হৈ পৰিল এপাহ তীব্ৰ ৰঙী জুই ফুল।
সতাঁৰত ক্ৰেতা হৈ লোৱা আপোনাৰ দামী শাড়ী খন
জিম কৰা দেহাটোত ধুনীয়া লাগিছে ।
আপোনাৰ নামি ডিজাইনাৰ গৰাকীয়ে
সতৰ্কতাৰে পিঠিৰ ফালৰ পৰা  বচাই অনা
বস্ত্ৰকনে ঢাকিবলৈ অসমৰ্থ হ’ল
আপোনাৰ বক্ষৰ উৰ্দ্ধভাগ।
হয়তো আজি মোৰ দৰে আৰু বহুজনে আৱিষ্কাৰ কৰিব
আপোনাৰ মাজ পিঠিৰ সেই ক’লা তিলটো।
মিচেছ পৰাশৰ আপোনাক ভালপোৱাৰ স্বাৰ্থতে
গোপনে পুহি ৰাখিছিলোঁ এটা সপোন ।
কেতিয়াবা ভিৰৰ মাজত এবাৰ যদি লগ পাওঁ ।
পুনৰ সেই ভালপোৱাৰ স্বাৰ্থতে কওঁ 
এইয়া মোৰ ওভতনি যাত্ৰা 
দুনাই যেন আপোনাক আৰু কেতিয়াও নহয় লগ পাব লগা।

Leave a Reply

Your email address will not be published.