অনিমেশে সেপঢুকি ক’লে আজি শেষবাৰৰ বাবে মই তোমাৰ মনৰ কথা জানিব বিচাৰিছোঁ।তেতিয়া অনুলেশাই কাগজৰ সৰু টুকুৰা এটা দি ক’লে ,এয়া লোৱা তোমাৰ উত্তৰ।এইখন পঢ়ি উঠি মোৰ ওচৰলৈ আকৌ এবাৰ আহিবা।সেয়া শেষবাৰ হ’বনে নাই মই নাজানোঁ।অনিমেশে নাতিদূৰত গৈ কাগজৰ টুকুৰাটো পঢ়ি মূৰ আচন্দ্ৰাই গ’ল।কোনোকাৰণতেই অনুলেখাই তেওঁৰ মনৰ মানুহজনী হ’ব নোৱাৰে।তথাপিও তাইৰ কথা ৰাখি ওচৰলৈ আহি ক’লে ,সকলো বুজিলোঁ ,আজিৰ পৰা আৰু ইয়াত ৰৈ ৰৈ বকুল জোপাৰ ছাঁ লব’লৈ নাহো,আৰু তোমাকো দেখা দিয়াৰ আশা নকৰো।তেনেতে অনুলেখাই হাতৰ মুঠিত লৈ থকা বগা ৰুমালখন দি ক’লে য’তেই যোৱা এইখন লগত ৰাখিবা,আৰু লিখা কথাখিনি হৃদয়ংগম কৰিবা ,এনেকৈ কৈ অনুলেখা লগে লগে ঘৰলৈ গুচি গ’ল।
অনিমেশে মনত বিষাদৰ বোজা লৈ উভতনি যাত্ৰা আৰম্ভ কৰিলে।অলপ দূৰ গৈ ৰুমাল খনত লিখা কথাখিনি চাওঁ নাচাওকৈ চাব ধৰিলে ।ৰুমালত লিখা কথাখিনি পঢ়ি বকুল জোপাৰ ওচৰলৈ দৌৰ মাৰি গ’ল আৰু কলে মই তোমাৰ ছাঁত জিৰণি লব’লৈ সদায় আহিম । তাৰ ক’ব নোৱাৰাকৈয়ে আনন্দত মুখৰ পৰা উচ্চ স্বৰে ওলাই আহিল মোৰ জীৱন সাৰ্থক হ’ল।
এষাৰি মাতত হৃদয়ত মৰমৰ গজালি মেলে।
এপলক চাৱনিয়ে দেহত প্ৰেমৰ জোৱাৰ আনে।
অনুভৱে অনুভৱক সাৱটি
জীৱনৰ পথত খোজ কাঢ়ে।
জোন তৰাক সাক্ষী কৰি
আজীৱন একেলগে থকাৰ শপত ল’লে।
গুৱাহাটী
9678757802