0 00 5 yrs 145

লোটি সিলোটিকৈ প্ৰেমে মাৰে উলুটি 

তুমিও তাতে মাৰিছা
ভনী উজুটি  …
কৱে  কৰে কল্পনা
অ ৰ মাথো অনুভূতি
প ৰ প্ৰেমে
ম ক কৰে মৰম …
ব ৰ বুকুত
য ৰ যন্ত্ৰণা
প ৰ প্ৰেমত
অ ৰ অকৃতিম ভালপোৱা…
প ৰ পুৰুষে
ন ৰ নাৰীক লৈ
অ ৰ অনুৰাগে
প্ৰেমৰ জোৱাৰ তুলে  …

ভ ৰ ভটিয়নি
স ৰ সোঁতে
ন নৈৰ বুকুত
প ৰ পাকনৈয়াত পৰে…

প ৰ পৃথিবীত
ন ৰ নাৰী
ৰ ৰহস্যত ৰহস্যময়ী
ক ৰ কলমত
চিৰন্তন নাৰী …
ব ৰ বসন্ত বৰ্ণনা
শ ৰ শৰতে
হ ৰ হেমন্তক
ফ ৰ ফাগুনে সৰাপাতত লিখি থৈ দিলে
প্ৰেমৰ ইতিহাস …

ৰাখী দত্ত শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *