0 00 1 min 1 yr 13

ৰামলালে অৱশেষত সিদ্ধান্ত ললে, সি আৰু ৰিক্সা নচলায়।তাৰএকমাত্ৰ উপাৰ্জনৰ সম্বল এই ৰিস্কাখন বিক্ৰি কৰি দিব সি| মনটো কৰবাত যেন খুন্দা মাৰি ধৰিলে …বৰ কষ্ট হৈছে তাৰ ,যেন বুকুৰ অংশ এটাহে বিক্ৰী কৰিব ওলাইছে।নহবইবা কিয়? জীৱনত পৈতৃক সম্পত্তি হিছাপে পোৱা এই ৰিক্সাখনৰ উপাৰ্জনেৰেইটো তাৰ সৰু পৰিয়ালটো পোহপাল দি আহিছে , জীৱনৰ ৬৫ টা বসন্ত এই ৰিক্সাখনৰ লগতে  পাৰ কৰিছে বহু কঠিন বাট| মনত পৰিছে তাৰ এৰি অহা অতীতৰ সেই সোণালী দিনবোৰৰ কথা………

ৰামলালৰ ঘৰ আছিল বিহাৰৰ কোনোবা এখন গাওঁত কিন্তু ৰামলালৰ দেউতাকে কম বয়সতে কামৰ সন্ধানত অসমলৈ আহিছিল | যি আহিল আৰু ওভটি নগ’ল ইয়াতে মানুহ এঘৰৰ ঘৰত কামকৰা বনুৱা হিছাবে থাকি গল| লাহে লাহে মানুহৰ ঘৰত খেতিবাটি আদিকে ধৰি সকলো কামতে সি নিপুন হৈ আহিল। গৃহস্থৰ মৃত্যুৰ আগমূহুৰ্তত বাৰিৰ এচুকত ঘৰ সাজি থাকিবলৈ দিলে |গাওঁৰ প্ৰায় সকলো মানুহে তাক কাম কৰিবলৈ মাতিব ধৰিলে, অতি কম সময়ৰ ভিতৰতে সি সকলোৰে প্ৰিয় হৈ পৰিল|
যি ঘৰ মানুহৰ ঘৰত সি কাম কৰা মানুহ হৈ আছিল সেই ঘৰৰে এজনী বনকৰা ছোৱালীৰ লগত তাৰ বিয়া হল |
আৰু জন্ম হল “ৰামলালৰ “| মোৰ কাহানীৰ নায়ক ‘ৰামলাল”….!!
ৰামলাল এক মাত্ৰ সন্তান আছিল পৰিয়ালটোৰ গতিকে পিতৃয়ে ভাৱিলে সি পঢ়া শুনা কৰক আৰু সেই উদ্দেশ্যৰে 
গাওঁৰ স্কুলত নাম লগাই দিলে ,কিন্তু তাৰ পঢ়াশুনাত মনযোগ নাছিল। সৰুৰে পৰাই পিতৃৰ লগত কাম কৰি ভাল পাইছিল, কোনোমতে চতুৰ্থ শ্ৰেণীতে পঢ়া সমাপ্ত কৰি কাম কৰাত লাগিল ।সিয়ো পিতৃৰ দৰে সকলোৰ ঘৰত কাম কৰিব যায় , তাৰ অমায়িক স্বভাৱৰ বাবে সকলোৱে ভাল পোৱা হল তাক।যিয়ে যি কাম দিয়ে বৰ নিস্থা,সততাৰে কাম কৰিব ধৰিলে। সেইসময়ত চহৰত এখন দুখন ৰিক্সা ওলাব ধৰিছেহে তেতিয়া, এদিন চহৰলৈ ৰামলাল যাওঁতে দেখি আহিলে ,  “দেউতা মোক এখন ৰিস্কা কিনি দিয়া তুমিয়ো বুঢ়া হৈ আহিছা কিমানো লোকৰ ঘৰত কাম কৰিবা, মই তোমাক আৰু মাক অলপ হলেও সুখত ৰাখিব খোজো পাৰিলে যেনেতেনে ৰিস্কা এখন কিনিব লাগে ।” দেইতাকক জোৰ দি ধৰিলে ৰামলালে…||
সেই সময়ত ৰিক্সাৰ দাম প্ৰায় তিনি শ টকা মান আছিল ,তথাপিও সেইসময় তিনি শ টকা মানেই বহুত | আৰু তাক গোটাবলৈও বহুত কষ্ট হয়। কিন্তু বহুত কষ্টৰ বিনিময়ত আৰু কিছু দয়াবান মানুহৰ কৃপাত ৰামলালে ৰিক্সা এখন কিনিবলৈ সক্ষম হল ।সেই যে ৪০ বছৰ আগতে ৰিক্সা চলাবলৈ আৰম্ভ কৰিলে আৰু আজি পৰ্যন্ত ৰিক্সা চলায়ে জীৱন জীয়াই আছিল, যদিও বয়সে হেচি ধৰিছিল তথাপি দিনটোত ৰিক্সাখন লৈ ওলায় যায়। এয়া যেন ৰিস্কা নহয়, তাৰ জীৱন ।এই ৰিস্কাখনতে কিমান যে বোজা কঢ়িয়াইছে, মানুহৰ পৰা বিভিন্ন বস্তু আদিকে ধৰি নানান স্মৃতিৰ সমল এই ৰিক্সাখন|মনত পৰিছে বিয়া পাতি পলুৱাই চম্পাক এই খনতে বহুৱাই আনি নতুন জীৱনৰ পাতনি মেলিছিল । আৰু পূজা আহিলে তাৰ দুটা সন্তানক আৰু মানুহজনীক লৈ এদিন হলেও সময় উলিয়াই পূজা দেখুৱাবলৈ লৈ গৈছিল | বুকুখন ফুলি যায় সিহঁতক ৰিক্সাত বহুৱাই নিব পালে……মিথুন আৰু ৰাধায়ে কিমান হেঁপাহ কৰে বাপেকৰ ৰিক্সাখনত উঠিবলৈ……সঁচাকৈয়ে কিমান যে মধুৰ দিন আছিল সেইবোৰ|
সেইসময়ত গাওঁখনৰ এক মাত্ৰ ৰিক্সা চালক আছিল ৰামলাল আৰু সকলোৱে দুৰণিবটীয়া বাট যাবলৈ হলে ৰামলালকে সাৰথি কৰি নিছিল |  সেইসময় ৰাতি যদি ৰেলত কৰবালৈ যাব হলে ৰামলালক আগতীয়াকৈ কৈ থয় আৰু ৰামলালে নিদিষ্ট সময়ত গৈ ঘূৰাই অনাৰ দায়িত্বও সূচাৰুৰূপে পালন কৰে সেইবাবে ৰামলাল সকলোৰ বিশ্বাসী আছিল | আৰু এইবাবেও ৰামলাল সকলোৰে প্ৰিয় আছিল যে সি কেতিয়াও কাৰো লগত ভাঢ়াক লৈ তৰ্ক বিতৰ্ক নকৰিছিল যিয়ে যি দিয়ে তাতে সন্তুস্ত হৈছিল ,লগতে কোনো ধৰনৰ মাদক দ্ৰব্য সেৱন নকৰিছিল| সেইবাবে সকলোৱে ৰামলালক ভাল পাইছিল|
সি এই ৰিক্সাখনত বহুৱাই কত জনক স্কুল ,কলেজ ,ক’ৰ্ট 
কাচাৰি নিছে হিছাপ নাই……, 
অহ আৰু এই যে গাওঁখনৰ নগেন হেডমাষ্টৰৰ ল’ৰা ছোৱালী হালক এই ৰামলালৰ ৰিক্সাখনত উঠিয়ে চহৰৰ স্কুললৈ গৈছিল | আজিও মনত আছে মাষ্টৰ চাৰে নিজে ৰামলালৰ ঘৰত আহি কৈছিল যে গাওঁত ভাল স্কুল নথকাৰ বাবে চহৰৰ এখন স্কুলত লৰা ছোৱালী হালক দিব ,লগা হল কিন্তু দূৰৈত হোৱাৰ বাবে ৰামলালে অনা নিয়া কৰিব লাগে বিনিময়ত মাহেকৰ মূৰত কিবা এটা বেটন দিব | বেলেগ ৰিক্সা আছে যদিও কাকো বিশ্বাস কৰা নাজাই | আৰু সেই দিনৰ পৰা তাৰ আৰু এটা নতুন দিউটি কৰিবলৈ ধৰিলে এতিয়াপৰা…সেইহাল লৰা ছোৱালীয়ে যেতিয়া মেট্ৰিকত ভাল ৰিজাল্ট কৰি গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিলে সকলোৰ লগতে ৰামলালৰ বুকুখন ফুলি উঠিছিল ,যিহেতু তাৰ ৰিক্সাখনত উঠিয়ে তাঁহাত ইমান ডাঙৰ হল…….আজিও দুয়োটা লৰা ছোৱালী ভাল চাকৰি কৰি আছে কিন্তু ৰাস্তাত যদি ৰামলালক দেখা পাই খুড়াবুলি মাত দিবলৈ নাপাহৰে|
ৰামলাল হব পাৰে পঢ়া শুনা নজনা কেঁচা মানুহ তথাপিও জীৱনৰ জটিল অংকত ৰামলাল এটা নিপুন খনিকৰ|
ৰামলালে এই ৰিক্সা চলাই পাৰ কৰিছে জীৱনৰ নানা সংঘাট, তথাপিও কাকো এক পইচা এনেই খোৱা নাই..
এই ৰিক্সা চলাই নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ লগতে জীয়েকক বিয়া আৰু পুতেকক পঢ়াই মেট্রিক পাছ কৰালে…….||
ইমান দেৰি সি জুইশালত বহি এৰি অহা জীৱনটোৰ কথাই ভাৱি আছিল….তাৰ মনত অলেশ ভাৱনাৰ বুৰবুৰনি পাহৰি গল যে তাক ঘৈণীয়েকে দিয়া লালচাহ কাপ ঠাণ্ডা হৈ গ’ল…..মানুহজনীয়ে মাত দিয়াত হে সি বাস্তৱলে ঘূৰি আহিল …..এই মানুহজনীয়ে মাত্ৰ তাক আজি বুজি পাইছে যে ৰিক্সাখন বিক্ৰী কৰিব লগা হোৱাৰ বাবে তাৰ যে মনত বহুত কষ্ট হৈছে|
লৰাটোৱে বহু দিনৰ পৰা ৰামলালক কৈ আছিল দেউতা 
তুমি আৰু ৰিক্সা চলাব নালাগে…যিহেতু তুমি বুঢ়া হৈ আহিছা লগতে আজি কালি তোমাৰ মানে এই ৰিক্সাবোৰত কোনেও নুঠে ……মানে আজি দুই তিনি বছৰৰ পৰা এই বেটাৰি গাড়ীবোৰ ওলাব ধৰিলে লাহে লাহে ৰিক্সাবোৰ প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হৈছে| ঠিক ৰামলাল হতৰ গাওঁখনৰ ৰাস্তা ঘাট ভাল হব ধৰিলে আৰু
যাতায়তৰ সুবি়ধা ভাল হবলৈ ধৰিলে তেতিয়াৰ পৰা গাওঁৰ
বহু যুৱকে বেটাৰি গাড়ী কিনি ভাড়া মাৰিব ধৰিছে ….আৰু আজি কালি সকলোৱে বেটাৰি  ৰিক্সাত উঠিবলৈ ভাল পাই। সঁচাকৈয়ে এটা যুগৰ পৰিৱৰ্তন হ’ল ।সিওবুজে যে উন্নতি কথা বা নিবনুৱা যুৱকৰ বাবে বেটাৰি গাড়ীয়ে সংস্থাপনৰ এক মাধ্যম । কিন্তু তাৰ দৰে সাধাৰন ৰিক্সা চালকবোৰৰ বাবে ভাত মুঠি বন্ধ উপক্ৰম হল| যি কি
নহওক কালিৰ পৰা সি আৰু ৰিক্সা চলাব নাজায়। নিতৌ ভাড়া পোৱক বা নোপোৱক সি মানুহজনিয়ে যতনাই দিয়া ভাতমুঠি খাই সি নিজৰ কামত ওলাই গৈছিল এটা চাকৰিৰ দৰে  নিৰ্দিষ্ট সময়ত সি তাৰ ৰিক্সাখন ওলাই নিছিল , সকলো কামতে অৱসৰ এদিন লবই লাগে গতিকে তাৰো আজি অৱসৰ হল।এইয়া আছিল ৰামলালৰ কাহিনী…..আপোনালোকেও এনে কিছুমান ৰামলালক নিশ্চয় বহু বাৰ লগ পাইছে….বা কেতিয়াবা তেখেতৰ ৰিক্সাত উঠিছে | মোৰ লিখাৰ জড়িয়তে তেনে বহু ৰামলালক অৰ্পন|।।
✍️ প্ৰিয়ংকা প্ৰিয়া

Leave a Reply

Your email address will not be published. Required fields are marked *