আবেলি চকু মুচিমুচি
চিৰিৰে নামিচে
ইস,
কিযে দেহৰ ভাঁজ
দহ বজাত
আজিকালি তাই মোবইলটোক
বৰ মৰম কৰে
মেকুৰী খোজত তাইৰ বুকুত
পাহি মেলে ৰক্ত জবা
হঠাত এজাক বিষ
নামি আহে নাভিৰে
উচুপি উচুপি তাই মাকক কয়
মাকে দৌৰি গৈ কেলেণ্ডাৰত দেখে
জবাৰ পাহিবোৰ সৰিছে
জাঠি পললৈ বতাহে পানীত নামিছে
মাছ ধৰিবলৈ
মাৰাই টিফিন সজাই দিওতে
স্কুলবেগটোত পালে চিন্তাৰ এটা পাহাৰ
(ৰাশেল)