0 00 1 min 2 yrs 6
কান থিয় ৰাখাৰ সময় হ’ল
উলকা বতাহে  আউলি যোৱা চুলিত
ক্লিপ মাৰা !
যি কৃষকে ফাট মেলা পথাৰ চাবলৈ ভয় কৰে
মই তেওঁক ঘৃণা কৰোঁ
যি প্ৰেমিকে ব্যৰ্থ চিঠিবোৰ পঢ়িবলৈ  ভয় কৰে
মই তেওঁক ঘৃণা কৰোঁ
যি ল’ৰাই পিতৃৰ হত্যাৰ প্ৰতিশোধ নিবিচাৰে
মই তেওঁক ঘৃণা কৰোঁ
যি কবি , যি গায়ক ,যি শিল্পী,  যি বুদ্ধিজীবী ,যি শিক্ষকে
প্ৰকাশ্য প্ৰতিবাদক  ভয় কৰে
মই তেওঁক ঘৃণা কৰোঁ
টোপনিতো মাতিছে
মই ঘামি গৈছোঁ
মই উন্মাদ হম
মই হত্যা কৰিম , আত্মহত্যা কৰিম
যি ইচ্ছা তাকে কৰিম
কবিতা এতিয়াই লিখাৰ সময়
তেজৰ গোন্ধলৈ বতাহে যিহেতু মাতাল
জ্বলি উঠক কবিতা
বজাৰত
পথাৰত 
সভাত
চিকিৎসালয়ত
শ্ৰেণীকোঠাত
মন্দিৰত মছজিদত ৰাস্তাত দেৱালত
গছত
পাহাৰত
মৰুভূমিত
নদীত
অমাৱস্যাৰ ঘনঘোৰ আন্ধাৰত
জোনাকৰ ৰূপালী চাদৰত
লেম্পপোষ্টৰ পোহৰত
হেজকৰ প্ৰদীপত
বহি
থিয় হৈ
শুইপৰি
কাতি হৈ
আঠুকাঢ়ি
জ্বলি উঠক কবিতা
বিস্ফুৰিত হওক মাটি
কবিতা এতিয়াই লিখাৰ সময় !
হে  মোৰ নতুন শিল্পী
সৃষ্টি কৰা বুকুত বাৰুদ
জ্বলি উঠিক কবিতা
নাঙলৰ ফালত
ঠেলাগাড়ীৰ চকাত
আদতলৰ হাতুৰীত
কলমৰ আগলিত
জন্ম লওক তোৰ বাৰুদেৰে
আৰু এক হিমা
আৰু এক ৰীমা
হে প্ৰেমিক অমূল্য,
ভবানন্দ
ৰূপকোঁৱৰ
বীৰেশ্বৰ
হে কমৰেড কবি ৰাম গগৈ
হে জনতাৰ কবি হীৰুদা
তোমাৰ প্ৰেমক আমি পৰাজয় হবলৈ দিয়া নাই
বৰং নতুন এক মহাকাব্য ৰচনাৰ চলিছে প্ৰচেষ্টা
ৰাইফলৰ আগত চিলাই হোৱাৰ শব্দ
শ্যানৰ দৰে উৰিছে গুলি
না…..  
ভয় নকৰোঁ
জন্মভূমিৰ সীমা যেতিয়া মৃত্যুভুমিৰ লগত লীন
তেতিয়া আৰু শংকা কিহৰ  ?
আৰম্ভ হক যুদ্ধ শিল আৰু শামুকৰ
প্ৰেম যেতিয়া আলোকবৰ্ষ দূৰত
মৃত্যু যেতিয়া ভালপোৱা
ভয় কিহৰ
অপেক্ষা  কিহৰ ?
জ্বলি উঠক কবিতা
জুইফুলবোৰ হক গাঁৱলীয়া
মানুহ যেতিয়ালৈকে থাকিব
ভাৰতবৰ্ষ যেতিয়ালৈকে থাকিব
জ্বলি উঠক কবিতা …!

Leave a Reply

Your email address will not be published. Required fields are marked *