
ৰাষ্ট্ৰীয় সেৱা যোঁজনা (NSS) ৰ উদ্যোগত বানাক্ৰান্তক সাহায্য বিতৰণ ।
বৰপেটা জিলাৰ অন্তৰ্গত লুইতপৰীয়া মহাবিদ্যালয়ৰ NSS গোটৰ সৌজন্যত এটা দলে মন্দিয়া উন্নয়ন খণ্ডৰ অধীনস্থ ধৰ্মপুৰ গাঁও পঞ্চায়তৰ সুখোৱাৰ ঝাৰ গাওঁ পৰিভ্ৰমণ কৰে ।
উক্ত গাঁৱৰ গাছপাৰা, আলীৰপাম আদি অঞ্চল সম্পূৰ্ণ ৰূপে বানপানীৰ কবলত পৰিছে। লগতে ব্রক্ষপুত্ৰৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে।
লুইতপৰীয়া মহাবিদ্যালয়ৰ ৫০ জনীয়া NSS ৰ সেচ্ছাসেৱকে উক্ত অঞ্চল পৰিভ্ৰমণ কৰি প্ৰায় দুশ ঘৰ বানাক্ৰান্তৰ মাজত পেকেট খাদ্য, পানীৰ বটল আদি বিতৰণ কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জছিম উদ্দিন আহমেদ আৰু NSS প্ৰগ্ৰাম অফিছাৰ ছামচুল আলম ছৰৱাদ্দী অংশ গ্ৰহণ কৰে।
সংবাদ দাতাঃ ইমনুল ।